নগাঁও, 7 জানুৱাৰী : দিল্লীত চলি থকা কৃষক বিদ্রোহক সমৰ্থন জনায় কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত নগাঁৱত বাওঁ দলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । চি আই টি ইউ , ৰাজ্যিক কৃষক সভা, চি পি আইৰ উদ্যোগত বৃহস্পতিবাৰে নগাঁৱৰ ৰাজপথত প্ৰতিবাদী সমদল উলিওৱাৰ লগতে নগাঁও চহৰৰ মূল পথ অৱৰোধ কৰে ।
চৰকাৰ বিৰোধী বিভিন্ন ধ্বনিৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে নগাঁও চহৰৰ ৰাজপথ । পৰৱৰ্তী সময়ত নগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰে কেইবাজনো প্ৰতিবাদকাৰীক । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কোনো কাৰণতে কৃষি আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।