নগাওঁ, ১৯ জানুৱাৰী : যোৱা ৬ জানুৱাৰী তাৰিখে ধিঙৰ সোনাৰী গাৱঁত এটা ডকাইতিৰ দলে ৰহস্যজনকভাৱে চোহেইল আহমেদ নামৰ এজন যুৱকক গুলীয়াইছিল । কেইবাদিনো চিকিসাধীন হৈ থকা পিছত সোমবাৰে মৃত্য়ু হয় চোহেইলৰ । তেওঁৰ মৃত্য়ুৰ পিছতে এতিয়া উত্তপ্ত হৈ পৰিছে নগাওঁ জিলাৰ সমগ্ৰ ধিং অঞ্চল । আৰক্ষীয়ে প্ৰায় ১২ দিনৰ পিছতো ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ বিৰুদ্ধে ভিন্ন স্থানত প্ৰতিবাদ কৰিলে একাংশ লোকে । প্ৰথমে বেছামাৰী আৰু তাৰ পিছত ধিং বজাৰৰ মাজমজিয়াত শতাধিক ছাত্ৰ-ছাত্রী আৰু ৰাইজে কেইবাঘণ্টা ধৰি ধিং আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
হাজাৰ হাজাৰ লোকৰ সমাগমেৰে প্ৰথমে চোহেইল আহমেদৰ অধ্য়য়নৰত বিদ্যালয়ৰ পৰা বেচামাৰী বজাৰলৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত মৈৰাবাৰী মূল পথৰ ধিং বজাৰত মৃতদেহ লৈ প্ৰতিবাদী কাৰ্যসূচীৰে মূল পথ বন্ধ কৰি ৰাখে উত্তেজিত ৰাইজে । ধিং আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিবলৈ ব্য়ৰ্থ হোৱাত প্ৰশাসনক তীব্ৰ ভাষাৰে সমালোচনা কৰি ১২ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে ।