অসম

assam

ETV Bharat / state

Eviction drive in Kaziranga animal corridors: ৰাষ্ট্ৰপতিৰ সমুখত প্ৰতিবাদ কৰিব কাজিৰঙাৰ উচ্ছেদিত জনতাই - Memorandum to Assam chief minister Himanta Biswa Sarma

কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্গত বহুকেইটা অঞ্চলৰ ৰাইজে উচ্ছেদৰ বিৰুদ্ধে সোমবাৰে কলিয়াবৰৰ ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ (Protest over eviction drive in Kaziranga animal corridors)৷ লগতে অসম ভ্ৰমণৰ বাবে আহিব লগা ৰাষ্ট্ৰপতিৰ সমুখতো প্ৰতিবাদ কৰাৰ হুংকাৰ দিলে ভূক্তভোগী জনতাই ৷

ৰাষ্ট্ৰপতিৰ সমুখত প্ৰতিবাদ কৰিব কাজিৰঙাৰ উচ্ছেদিত জনতাই
ৰাষ্ট্ৰপতিৰ সমুখত প্ৰতিবাদ কৰিব কাজিৰঙাৰ উচ্ছেদিত জনতাই

By

Published : Feb 22, 2022, 11:50 AM IST

Updated : Feb 22, 2022, 1:38 PM IST

কলিয়াবৰ, 22 ফেব্ৰুৱাৰী: সোমবাৰে কলিয়াবৰৰ ৰাজপথত দেখা গ’ল হাজাৰ-হাজাৰ জনতাৰ প্ৰতিবাদ । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বৰ্দ্ধিত সাতটা এনিমেল ক'ৰিড'ৰত চলোৱা উচ্ছেদৰ বিৰুদ্ধে ৰাইজে কৰিলে এই প্ৰতিবাদ (Protest over eviction drive in Kaziranga animal corridors) । উচ্ছেদৰ নামত ইতিমধ্যে প্ৰশাসনে ৰাইজক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিলে প্ৰতিবাদী জনতাই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বৰ্দ্ধিত এনিমেল ক'ৰিড'ৰৰ বিৰুদ্ধে সেই স্থানসমূহত বসবাস কৰি অহা ৰাইজে কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এনিমেল ক'ৰিড'ৰৰ গইনা লৈ প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ ৰাখিবলৈ কৰিলে দাবী । দিল্লীত থাকি কাজিৰঙাৰ বাস্তৱিক পৰিৱেশৰ বিষয়ে নজনাকৈয়ে ৰোহিত চৌধুৰী নামৰ স্বয়ম্ভূ প্ৰকৃতিপ্ৰেমী গৰাকীৰ এনে হঠকাৰী কাৰ্য‍ৰ বিৰুদ্ধে গৰজি উঠে প্ৰতিবাদকাৰীসকল ।

ৰাষ্ট্ৰপতিৰ সমুখত প্ৰতিবাদ কৰিব কাজিৰঙাৰ উচ্ছেদিত জনতাই

প্ৰতিবাদী সমদল উলিয়াওৱাৰ লগতে বাগৰিৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে এইসকল প্ৰতিবাদী জনতাই ৷ লগতে এক দীঘলীয়া পদযাত্ৰাৰে কলিয়াবৰ মহকুমা কাৰ্য‍ালয়ত উপস্থিত হৈ মহকুমাধপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে প্ৰতিবাদকাৰীসকলৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ (Memorandum to Assam chief minister Himanta Biswa Sarma) ৷ তেওলোকৰ দাবী চৰকাৰে মানি নল’লে অসম ভ্ৰমণৰ বাবে আহিব লগা ৰাষ্ট্ৰপতিৰ সমুখতো প্ৰতিবাদ কৰাৰ হুংকাৰ দিলে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক:অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাবে ভাবুকি নহয় ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়: ড৹ ননী গোপাল মহন্ত

Last Updated : Feb 22, 2022, 1:38 PM IST

ABOUT THE AUTHOR

...view details