অসম

assam

ETV Bharat / state

নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰূপায়ন কৰে প্ৰতিবাদ ৷ সমস্যা সমাধানৰ দাবী জনাই সংগঠনটোৱে ৷

protest-of-tea-tribal-students-association-in-front-of-nagaon-district-deputy-commissioners-office
নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Dec 14, 2020, 10:26 PM IST

চামগুৰি, 14 ডিচেম্বৰ :চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সোমবাৰে নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ কেইবা শতাধিক সদস্যই তেওঁলোকৰ 10 দফীয়া দাবীৰ সমৰ্থনত শ্ল'গানেৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে । সংগঠনটোৰ 10 দফীয়া দাবীৰ ভিতৰত চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান, চাহ জনগোষ্ঠীৰ লোক সকলক ভূমিৰ পট্টা প্ৰদান, চৰকাৰী বিভাগত চাহ জনগোষ্ঠীৰ শিক্ষিত নিবনুৱাক নিযুক্তিৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৷

নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে পঢ়ক :মঙলবাৰে গুৱাহাটীত অব্যাহত থাকিব কেবৰ চলাচল

ABOUT THE AUTHOR

...view details