নগাঁও,8 জুলাই:মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ । বুধবাৰে নগাঁৱত সামাজিক দূৰত্ব বজাই ৰাখি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ মুখ্য বিৰোধী দল কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআই-য়ে । এখন স্কুটিৰ প্ৰতীকী ৰূপত শ্মশানযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে এনএছইউআইৰ সদস্যসকলে । প্ৰতিবাদী দলটোৱে নগাঁও টাউন ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদৰ্শন কৰে এখনি বাটৰ নাট । লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে প্ৰাক্তন বিধায়ক ডা৹ দুৰ্লভ চমুৱাই ।
বাটৰ নাট প্ৰদৰ্শনেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ
বাটৰ নাট প্ৰদৰ্শন কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ । আলফাই ৰোধ কৰিব নোৱাৰা কংগ্ৰেছৰ কণ্ঠ বিজেপিয়ে ৰোধ কৰিব নোৱাৰে বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে ৷
বাটৰ নাট প্ৰদৰ্শনেৰে প্ৰতিবাদ
ইফালে, মহামাৰী কৰ’ণাক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । চৰকাৰে কংগ্ৰেছৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে চেষ্টা কৰা বুলিও অন্য এক অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠন আলফাই কংগ্ৰেছৰ কণ্ঠ ৰোধ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰেও কেতিয়াও এই প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে বুলি চৰকাৰক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে বিৰোধী দলটোৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷