নগাঁও,3 চেপ্তেম্বৰ:সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীয়ে ৰাজ্যজুৰি জোঁকাৰণিৰ সৃষ্টি কৰাৰ সময়তে বৃহস্পতিবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে । নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ সংখ্যালঘু কোষে । বিশেষকৈ সমগ্ৰ কেলেংকাৰীৰ সন্দৰ্ভত চিবিআই তদন্তৰ দাবী উত্থাপন কৰি দলটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
প্ৰতিবাদকাৰীসকলে বিভিন্ন বেনাৰ-প্লে’কাৰ্ড আদি লৈ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ লগতে এই কেলেংকাৰীত একাংশ বিজেপি নেতা জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী দলটোৱে উত্থাপিত দাবী ৰাজ্য চৰকাৰে মানি নল’লে পৰৱৰ্তী সময়ত ব্লক তথা পঞ্চায়ত পৰ্যায়তো এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি সদৰি কৰে ।