অসম

assam

ETV Bharat / state

নগাঁৱৰ ভিন্ন স্থানত ভাৰত বন্ধৰ সমৰ্থনত ওলাই আহিল কৃষক সমাজ - কৃষক সমাজ

নগাঁৱৰ ভিন্ন স্থানত ভাৰত বন্ধৰ সমৰ্থনত ওলাই আহিল কৃষক সমাজ ৷ কৃষক ৰাইজে পথ অৱৰোধ কৰাৰ লগতে পথাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

নগাঁৱৰ ভিন্ন স্থানত ভাৰত বন্ধৰ সমৰ্থনত ওলাই আহিল কৃষক সমাজ
নগাঁৱৰ ভিন্ন স্থানত ভাৰত বন্ধৰ সমৰ্থনত ওলাই আহিল কৃষক সমাজ

By

Published : Dec 8, 2020, 6:25 PM IST

ৰূপহীহাট, 8 ডিচেম্বৰ:কৃষি আইন বাতিলৰ দাবীৰে মঙলবাৰৰ ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনোৱা দেখিবলৈ পোৱা গ'ল ৰূপহীহাটৰ কৃষকৰ মাজত ৷ কৃষক ৰাইজে পথ অৱৰোধ কৰাৰ লগতে পথাৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে কৃষক ৰাইজে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

নগাঁৱৰ ভিন্ন স্থানত ভাৰত বন্ধৰ সমৰ্থনত ওলাই আহিল কৃষক সমাজ

ৰূপহীহাটৰ লগতে জুৰীয়া, শিঙৰী আদি স্থানতো বন্ধৰ সমৰ্থনত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কৃষক গৰীৱ ন্যায় সন্থা আৰু ধিং দূৰ্নীতি বিৰোধী সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত হয় ৷ প্ৰায় পাঁচ শতাধিক সমৰ্থকে ওলোৱা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্ত, কৃষক গৰীৱ ন্যায় সন্থাৰ উপদেষ্টা মুস্তাফা ছেলিম আহমেদ উপস্থিত থাকে ৷ আনহাতে লাওখোৱা ব্লক কংগ্ৰেছৰ উদ্যোগত ৰূপহী শিঙিমাৰীত বন্ধৰ সমৰ্থনত কৰা প্ৰতিবাদী কাৰ্যসূচীত চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনো উপস্থিত থাকে ৷

লগতে পঢ়ক:আমগুৰিত ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনালে ঐক্য সেনা অসমে

ABOUT THE AUTHOR

...view details