অসম

assam

ETV Bharat / state

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মুক্তিৰ দাবীত নগাঁৱত প্ৰতিবাদ - নগাঁও কলেজ পইণ্ট

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মুক্তিৰ দাবীৰে নগাঁৱত প্ৰতিবাদ ৷ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু মাইক্ৰ'ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চই নগাঁও কলেজ পইণ্টত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঋণ দিয়াৰ নামত একাংশ মাইক্ৰ'ফাইনেঞ্চ কোম্পানীয়ে দৰিদ্ৰ জনতাক শোষণ,অত্যাচাৰ কৰি অহাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মুক্তিৰ দাবীৰে নগাঁৱত প্ৰতিবাদ
মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মুক্তিৰ দাবীৰে নগাঁৱত প্ৰতিবাদ

By

Published : Sep 15, 2020, 8:40 PM IST

নগাঁও, 15 চেপ্তেম্বৰ: মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মুক্তিৰ দাবীৰে নগাঁৱত প্ৰতিবাদত বহিল গ্ৰামীণ শ্ৰমিক সন্থা আৰু মাইক্ৰ' ফাইনেঞ্চ শোষণ বিৰোধী মঞ্চ ৷ ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিবলৈ অপাৰগ হোৱাত মঙলবাৰে নগাঁৱত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু মাইক্ৰ'ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মুক্তিৰ দাবীত নগাঁৱত প্ৰতিবাদ

নগাঁও কলেজ পইণ্টত চৰকাৰ বিৰোধী শ্লোগানেৰে ঋণ মুক্তিৰ দাবী জনোৱা প্ৰতিবাদকাৰী সকলৰ যুক্তি দৰ্শাই কয় যে ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে তেওঁলোকে কোনোধৰণৰ ব্যৱসায় বাণিজ্য কৰিব পৰা নাই ৷ সেয়ে তেওঁলোকৰ ঋণ মাফ হব লাগে ৷

কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ উপৰিও প্ৰতিবাদকাৰীসকলে আগন্তুক বাজেট অধিৱেশনত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মুক্তিৰ দাবী জনাই ৷ সংগঠন দুটাৰ অভিযোগ ঋণ দিয়াৰ নামত একাংশ মাইক্ৰ'ফাইনেঞ্চ কোম্পানীয়ে দৰিদ্ৰ জনতাক শোষণ, অত্যাচাৰ কৰি আহিছে ৷

লগতে পঢ়ক:নগাঁৱত এআইইউডিএফৰ সভাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপি

ABOUT THE AUTHOR

...view details