অসম

assam

ETV Bharat / state

কামপুৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত প্ৰতিবাদ - protest in kampur

বুধবাৰে বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ অভিযোগ, তেওঁলোকক থাকিবলৈ দিয়া কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত মানি চলা হোৱা নাই কোনো ধৰণৰ চৰকাৰী নীতি-নিয়ম ৷

protest in kampur for quarantine center
protest in kampur for quarantine center

By

Published : Jun 17, 2020, 12:15 PM IST

Updated : Jun 17, 2020, 12:42 PM IST

বঢ়মপুৰ, 17 জুনঃমঙলবাৰে নিশা কেৰালাৰ পৰা আহি কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈছিল ৪০ জনৰো অধিক লোক ৷ কিন্তু বুধবাৰে বহিঃৰাজ্যৰ পৰা লোকসকলে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ তেওঁলোকৰ অভিযোগ, কোনো ধৰণৰ সামাজিক দূৰত্ব নোহোৱাকৈয়ে কোৱাৰেণ্টাইন কেন্দ্ৰটোত লোকসকলক ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ তাৰোপৰি সমগ্ৰ কেন্দ্ৰটোতে দেখিবলৈ পোৱা গৈছে এক কদৰ্যময় পৰিৱেশ ৷ ফলত বহিঃৰাজ্যৰ পৰা অহা লোকসকলে কেন্দ্ৰটোৰ ভিতৰত প্ৰবেশ নকৰি ৰাজপথতে নিশা পাৰ কৰিবলৈ বাধ্য় হয় ৷

কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ কামপুৰত প্ৰতিবাদ

চৰকাৰৰ নীতি-নিৰ্দেশনা উলংঘা কৰি একেট কোঠাতে ৪০ গৰাকী লোকক থাকিবলৈ দিয়াৰ বাবেই বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বহঃৰাজ্যৰ পৰা অহা লোকসকলে ৷ তেওঁলোকে ক্ষোভ ব্যক্ত কৰি কয় যে, সেই কোৱাৰেণ্টাইন কেন্দ্ৰত থাকিলে এজনৰ পৰা আনজনলৈ ৰোগ বিয়পাৰ সম্ভাৱনা অধিক ৷ কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ বিষয়ে বহিঃৰাজ্যৰ পৰা অহা লোকসকলে প্ৰশাসনক অৱগত কৰিছে যদিও, এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃপাণ্ডুত পুণৰ কৰ'ণা আক্ৰান্ত চিনাক্ত

Last Updated : Jun 17, 2020, 12:42 PM IST

ABOUT THE AUTHOR

...view details