অসম

assam

ETV Bharat / state

নগাঁৱত উত্তপ্ত পৰিস্থিতি

২৪ ঘণ্টাৰ অধিক সময় নগাঁৱত বিদ্যুৎ নথকাৰ বাবে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে নগাঁৱৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সাব্যস্ত কৰে প্ৰতিবাদ ৷

By

Published : Aug 7, 2019, 12:17 PM IST

নগাঁৱত উত্তপ্ত পৰিস্থিতি

নগাঁও,7আগষ্ট : নগাঁৱৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত নিশা উত্তপ্ত পৰিস্থিতি ৷ উৎকট গৰমত হোৱা বিদ্যুতৰ লোড শ্বেডিঙত অতিষ্ঠ হৈ পৰে নগাঁৱৰ স্থানীয় ৰাইজ ৷ ২৪ ঘণ্টাৰ অধিক সময়ে অঞ্চলটোত নাথাকে বিদ্যুৎ ৷ যাৰ বাবে অঞ্চলবাসী ক্ষোভিত হৈ মঙলবাৰে নিশা শতাধিক পুৰুষ-মহিলা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিভাগটোৰ সহায়ক কেন্দ্ৰৰ পৰাও কোনো সহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

নগাঁৱত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details