চামগুৰি, 15 জুন :নগাঁৱৰ উচ্ছেদিত পৰিয়ালৰ প্ৰতি সংহতি জ্ঞাপন কৰি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ ৰাজ্যৰ চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা উচ্ছেদ অভিযানত সাম্প্ৰদায়িত নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ বিষয়ববীয়াই ৷
সেই অনুসৰিয়ে সংগঠনটোৱে উচ্ছেদিত পৰিয়ালৰ প্ৰতি সংহতি জ্ঞাপন কৰিবলৈ ৰাজ্যজুৰি প্ৰতিবাদ দিৱস কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ৷ এই আহ্বান মৰ্মে মঙলবাৰে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, হোজাই, মৰিগাঁও, কাৰ্বি-আংলং আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত সংগঠনটোৰ আঞ্চলিক সমিতিসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই কথা সদৰি কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্য সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই ৷