অসম

assam

ETV Bharat / state

কলিয়াবৰ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Protest at Kaliabar panchyat by mass people

হাটবৰ গাঁও পঞ্চায়তৰ প্ৰধান মন্ত্ৰী আৱস যোজনাৰ দুৰ্নীতি পোহৰলৈ অহাৰ পিচত এইবাৰ জীৱিকা সখী নিয়োগত সাঙোৰ খাইছে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ নাম। পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস‍্য ৰূপে নিৰ্বাচিত হৈ কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি পদ দখল কৰা যতিন্দ্ৰ নাথ বৰাৰ বিৰুদ্ধে ব‍্যাপক স্বজন-তোষণৰ অভিযোগ ৰাইজৰ ‌।

কলিয়াবৰ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

By

Published : Sep 10, 2019, 7:09 AM IST

নগাঁও,10 ছেপ্তেম্বৰ : মন্ত্ৰী কেশৱ মহন্তৰ দলীয় পঞ্চায়ত সতীৰ্থৰ দুৰ্নীতিত অতিষ্ঠ হৈ পৰিছে কলিয়াবৰৰ বিভিন্ন পঞ্চায়তৰ হিতাধিকাৰী ৰাইজ ৷ হাটবৰ গাঁও পঞ্চায়তৰ প্ৰধান মন্ত্ৰী আৱস যোজনাৰ দুৰ্নীতি পোহৰলৈ অহাৰ পিচত এইবাৰ জীৱিকা সখী নিয়োগত সাঙোৰ খাইছে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ নাম। পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস‍্য ৰূপে নিৰ্বাচিত হৈ কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি পদ দখল কৰা যতিন্দ্ৰ নাথ বৰাৰ বিৰুদ্ধে ব‍্যাপক স্বজন-তোষণৰ অভিযোগ ৰাইজৰ ‌। সেই লৈ সোমবাৰে বিয়লি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কলিয়াবৰ খণ্ড কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । জীৱিকা সখী নিয়োগত অনিয়মৰ অভিযোগ তুলি অৰ্ধ-শতাধিক মহিলাই ঘেৰাও কৰে কাৰ্যালয়টো ৷ উল্লেখ্য যে কাৰ্যালয়টোৱে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি যতীন বৰাৰ পত্নী ববী বৰাক জীৱিকা-সখী হিচাপে আমদানি কৰি উত্তৰ পশ্চিম পূৱথৰীয়া গাওঁ পঞ্চায়তত নিযুক্তি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনাৰ ।

কলিয়াবৰ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত জীৱিকা-সখী পদত স্থানীয় পঞ্চায়তৰ প্ৰাৰ্থী নিযুক্তি দিয়াৰ বিপৰীতে অন্য পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবেই সোমবাৰে এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উত্তৰ-পশ্চিম পূৱথৰীয়া গাওঁ পঞ্চায়তৰ আত্ম সহায়ক গোটৰ মহিলাসকলে । উত্তৰ-পশ্চিম পূৱথৰীয়া গাঁও পঞ্চায়তত উপযুক্ত প্ৰাৰ্থী থকাৰ পিচতো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কলিয়াবৰ খণ্ড অভিযান পৰিচালক আৰু কলিয়াবৰ উন্নয়ন খণ্ড উন্নয়ন বিষয়াৰ নীতি বহিৰ্ভূতভাৱে জীৱিকা-সখীৰ পদত কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ পত্নীক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে কলিয়াবৰত ৷ এতিয়া দলীয় সতীৰ্থৰ দুৰ্নীতিৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা দুৰ্নীতিৰ বিৰুদ্ধে শূণ‍্য সহনশীল চৰকাৰখনৰ মন্ত্ৰী কেশৱ মহন্তই কি স্থিতি লয় সেইয়া হব লক্ষণীয় ৷

ABOUT THE AUTHOR

...view details