কলিয়াবৰ,১০ মাৰ্চ :যোৱা ৭ মাৰ্চত গুৱাহাটীৰ সাতগাঁও থানাত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা । থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰে থানাত গোচৰ দিবলৈ অহা এগৰাকী দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়াক অশালীন ব্যৱহাৰ কৰিছিল । বিভাষ মেধি নামৰ দণ্ডাধীশগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ উঠিছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে (Alligation against oc of satgaon police station)।
এই ঘটনাৰ পাছতে দণ্ডাধীশগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰাৰম্ভিক তদন্তৰ খাতিৰত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল'জৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু এই ঘটনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এগৰাকী দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়াক এনেদৰে আৰক্ষীয়ে অশালীন ব্যৱহাৰ কৰা কাৰ্যক একেমুখে গৰিহণা দিছে বহু লোকে ।