কলিয়াবৰ, 25 জুন:জনাঞ্চলক বনাঞ্চল ঘোষণাৰ যো-জা চলোৱাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest at Koliabor) স্থানীয় জনতাই ৷ কলিয়াবৰৰ হাতীমূৰাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ প্ৰকাশৰ পিছতে ৰাজপথলৈ ওলাই আহিছে হাতীমূৰা, জখলাবন্ধা, কেৰি-বাকৰিৰ সৰ্বসাধাৰণ ৰাইজ ৷
"আমি মূৰ্খ নহয় ৷ যদি আমি সকলোৱে মিলি চৰকাৰ বনাব পাৰে তেনেহ'লে আমি সকলোৱে মিলি চৰকাৰ ওফৰাই পেলাবও পাৰো ৷ জনবসতি থকা অঞ্চলত সংৰক্ষিত বনাঞ্চল কৰাৰ সিদ্ধান্তক আমি গৰিহনা দিছো ৷"
শুকুৰবাৰে কলিয়াবৰৰ জখলাবন্ধাত ৰাজহুৱা সভাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । জানিব পৰা মতে যোৱা 13 জুনত জখলাবন্ধা গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত হাতীমূৰাক সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰসংগত স্থানীয় প্ৰশাসনে এক ৰাজহুৱা শুনানি প্ৰদান কৰিছিল ৷ প্ৰশাসনৰ ৰাজহুৱা শুনানি শেষ নৌহওঁতেই হাতে-হাতে প্লেকাৰ্ড লৈ, শ্ল'গান দি ৰাইজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest Against Proposed Reserve Forest at Kaliabor) ৷ ঐতিহ্যমণ্ডিত হাতীমূৰা অঞ্চলক বনাঞ্চল ঘোষণা নকৰিবলৈ দাবী জনাই স্থানীয় পাঁচ শতাধিক ৰাইজে ৷