নগাঁও, 19 ফেব্ৰুৱাৰী:মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে নগাঁৱত আছু (সদৌ অসম ছাত্ৰ সন্থা) ই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ মূলতঃ চিলিণ্ডাৰ আৰু পেট্ৰ'লজাত সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু কৰ্মী সকলে দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শুকুৰবাৰে নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ৷ চিলিণ্ডাৰ, পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাওঁ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই উক্ত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে ৷