অসম

assam

ETV Bharat / state

বিদ্যুতৰ লুকাভাকু: শক্তি বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ - শক্তি বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ

এফালে উৎকট গৰম আনফালে বিদ্যুতৰ লুকাভাকু । শক্তি বিভাগে বিৰক্ত কৰিছে নগাঁও চহৰৰ ৰাইজক । নিয়মীয়া বিদ্যুৎ সেৱা যোগানত ব্যৰ্থ শক্তি বিভাগৰ বিৰুদ্ধে নিশা একাংশ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest against department of power in Nagaon)। স্থানীয় বিধায়কৰ বাসগৃহৰ সন্মুখতো ক্ষোভিত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest
শক্তি বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ

By

Published : Jul 7, 2022, 11:03 AM IST

নগাঁও,৭ জুলাই :বানপানীৰ পাছত এইবাৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক । প্ৰখৰ ৰ'দ আৰু গৰমৰ বাবে একপ্ৰকাৰ স্বাভাৱিক জীৱন যাত্ৰাও ব্যাহত হৈ পৰিছে । কিন্তু এনে এক পৰিস্থিতিৰ মাজতে বিদ্যুতৰ লুকা-ভাকুৱে সমস্যাত পেলাইছে ৰাজ্যবাসীক (Department of Power failed to provide regular power service)। বিশেষকৈ নগাঁও জিলাত বিদ্যুতৰ অনিয়মীয়া যোগানৰ বাবে ক্ষোভিত হৈ পৰিছে একাংশ লোক ।

বিদ্যুতৰ লুকাভাকু: শক্তি বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ

লোড শ্বেডিঙৰ নামত অধিক সময় বিদ্যুৎ কৰ্তন কৰাৰ উপৰিও বিগত তিনি চাৰি দিনে নগাঁও চহৰৰে এটা এলেকাৰ বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে (Irregular supply of electricity in Nagaon)। যাৰ বাবে বুধবাৰে নিশা একাংশ ক্ষোভিত মহিলাই নগাঁৱৰ খৰমপট্টিস্থিত শক্তি বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে (Protest against department of power in Nagaon)। বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত দুপৰ নিশালৈকে বহু পুৰুষ-মহিলা উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উত্তাল কৰি তোলে নগাঁৱৰ ৩ নং বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় ।

উল্লেখ্য যে, বিগত তিনি দিনে নগাঁও উত্তৰ হয়বৰগাঁও অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ থকাত নিশা উৎকট গৰমত থাকিব নোৱাৰি একাংশ মহিলাই খৰমপট্টিত থকা শক্তি বিভাগৰ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । ক্ষুব্ধ মহিলাসকলে কাৰ্যালয়টোত উপস্থিত হোৱাৰ সময়ত কোনো বিষয়া-কৰ্মচাৰী উপস্থিত নথকাৰ পিছতো ফেন চলি থকা প্ৰত্যক্ষ কৰি অধিক উত্তেজিত হৈ পৰে ।

অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ হৈ পৰা মহিলাসকলে কাৰ্যালয়টো ঘেৰাও কৰি শক্তিমন্ত্ৰী মুৰ্দাবাদ, শক্তি বিভাগ মুৰ্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় (Protest against Power minister in Nagaon)। পিছত শক্তি বিভাগৰ কাৰ্যালয়টোত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । মহিলাসকল উপস্থিত হোৱাৰ পিছতেই কাৰ্যালয়টোত আৰক্ষী, চিআৰপিএফ মোতায়েন কৰাক লৈও ক্ষুব্ধ হৈ পৰে উত্তেজিত মহিলাসকল ।

ইয়াৰ পিছতে বিদ্যুৎ বিভাগৰ ওপৰত অভিযোগ লৈ নিশাই স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ আমোলাপট্টিস্থিত বাসগৃহটো উপস্থিত হয় মহিলাসকল ৷ কিন্তু বিধায়ক শৰ্মা ঘৰত নথকাত তেওঁৰ ঘৰৰ সন্মুখতে শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মহিলাসকলে । কেৱল উত্তৰ হয়বৰগাঁৱতেই নহয় নগাঁও চহৰৰ বহু এলেকাত লোড শ্বেডিঙৰ নামত বহু সময় বিদ্যুৎ কৰ্তন কৰি জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক ।

লগতে পঢ়ক :Innovative protests by people: জৰাজীৰ্ণ পথত ধান সিঁচি ৰাইজৰ অভিনৱ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details