ছামগুৰি,২৩ জুন:দানবীৰ সাউদ ভোলানাথ বৰুৱাৰ নামত থকা পুৰণিগুদাম বৰুৱাচুকস্থিত একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আন এখন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিব কৰিব বিচৰাত আশ্চৰ্য প্ৰকাশ কৰিছে পুৰণিগুদামবাসীয়ে । নগাঁও জিলাৰ পুৰণিগুদামৰ এই গৰাকী বৰেণ্য ব্যক্তি এতিয়া জন্মস্থানতেই উপেক্ষিত হোৱাৰ উপক্ৰম হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
এই গৰাকী স্বনামধন্য ব্যক্তিৰ স্মৃতি বিজড়িত পুৰণিগুদাম অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান সাউদ ভোলানাথ বৰুৱাৰ আদৰ্শ বিদ্যালয় । চৰকাৰী বিদ্যালয়খনত পৰ্য্যাপ্ত পৰিমাণৰ ছাত্ৰ-ছাত্ৰী থকাৰ পিছতো শিক্ষা বিভাগৰ চৰম অদূৰদৰ্শিতাৰ বাবে শেহতীয়াকৈ বিদ্যালয়খন চামিল কৰিবলৈ ওলাইছে পুৰণিগুদাম বালিকা বিদ্যালয়ৰ সৈতে । ইয়াকে কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে পুৰণিগুদামৰ সচেতন মহল(Protest at Saud Bholanath Baruaah Adarsh School) ।
কিয় উপেক্ষিত অসমৰ ইতিহাসত দানবীৰ হিচাপে পৰিচিত সাউদ ভোলানাথ বৰুৱা উল্লেখ্য যে দানবীৰ সাউদ ভোলানাথ বৰুৱাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে তেখেতৰ পৰিয়ালে বৃহৎ পৰিমাণৰ অৰ্থ ব্যয়ৰে ১৯৪০ চনতে পুৰণিগুদামৰ ৰাজপথৰ দাঁতিত প্ৰতিস্থা কৰিছিল বিদ্যালয়খন । এনে এখন বিদ্যালয়লৈ সংশ্লিষ্ট বিভাগৰ অকৰ্মণ্যৰ বাবে নামি অহা অশনি সংকেতৰ উমান পাই এতিয়া ওলাই আহে স্থানীয় বহুকেইজন লোক । দিনটোৰ পাঠদান সম্পন্ন কৰি পুৰণিগুদামৰ একাংশ গণ্যমান্য ব্যক্তিৰ লগতে বিদ্যালয় খনৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলে সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ(School protests in Puranigudam) ।
বিদ্যালয়খন আন বিদ্যালয়ৰ সৈতে চামিল হ'লে পুৰণিগুদামৰ বৰেণ্য ব্যক্তি গৰাকীৰ স্মৃতি খোদ নিজৰ জন্মস্থানতে নিশ্চিহ্ন হোৱাৰ শংকাই বিব্ৰত কৰি তুলিছে পুৰণিগুদামবাসীক । সেয়ে চৰকাৰ তথা শিক্ষা বিভাগৰ এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰিবৰ বাবে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:বিদ্যুৎ বিভাগৰ হেমাহিয়ে প্ৰাণ ললে এজনৰ: নলবাৰীত ট্ৰেঞ্চফৰ্মাৰত লাগি মৃত্যু TET শিক্ষকৰ