কলিয়াবৰত এন আৰ চিৰ বিৰুদ্ধে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট - উচ্চতম ন্যায়ালয়
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে অসন্তুষ্টি অব্যাহত আছে ৰাজ্যত ৷ সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ, কলিয়াবৰ সমিতিৰ অৱস্থান ধৰ্মঘট মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান ৷
![কলিয়াবৰত এন আৰ চিৰ বিৰুদ্ধে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4339935-228-4339935-1567618435192.jpg)
কলিয়াবৰ,4ছেপ্টেম্বৰঃ যোৱা ৩১ আগষ্ট তাৰিখে প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাত গৰিয়া-মৰিয়াকে ধৰি অনান্য খিলঞ্জীয়া জনগোষ্ঠীৰ বহুলোক অন্তৰ্ভুক্ত নোহোৱাত অসমৰ গৰিয়া-মৰিয়া যুব ছাত্ৰ পৰিষদৰ নেতৃত্বত বুধবাৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত এক অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে । এন আৰ চিৰ পৰা যাতে প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰে সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাকো আওকান কৰি এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ নেতৃত্বত প্ৰকাশ হোৱা তালিকাত কলিয়াবৰৰ শতাধিক ভূমিপুত্ৰৰ নাম বাদ পৰে । তাৰোপৰি শোণিতপুৰ, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বাক্সা জিলাত গৰিয়া-মৰিয়া আৰু খিলঞ্জীয়া লোকৰ নাম বাদ পৰাত উদ্বেগ প্ৰকাশ কৰে । অসমৰ মাটি-পানী-বায়ুৰ লগত কোনো সমন্ধ নথকা বহিঃৰাজ্যৰ এগৰাকী বিষয়াৰ হতোৱাই এন আৰ চি প্ৰস্তুত কৰাৰ বিযষয়েও সংগঠনটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । আনহাতে এন আৰ চি প্ৰক্ৰিয়াৰ পুণৰীক্ষণ কৰি এখন ক্ৰুটিহীন তালিকা প্ৰকাশৰ দাবীত বুধবাৰে সংগঠনটোৱে অৱস্থান ধৰ্মঘট পালন কৰাৰ অন্তত কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।