নগাঁও, 2 ডিচেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নগাঁৱত অব্যাহত আছে প্ৰতিবাদ (Protest against NHAI in Nagaon)৷ দল-সংগঠন, স্থানীয় ৰাইজৰ প্ৰতিবাদক উপেক্ষা কৰি পথৰ দাঁতিত নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highways Authority)৷ যাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন ।
সোমবাৰেও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় লোক, ক্ষুদ্ৰ ব্যৱসায়ীয়ে । স্থানীয় লোক, ক্ষুদ্ৰ ব্যৱসায়ী, দল সংগঠনৰ প্ৰতিবাদৰ পাছতো নগাঁৱৰ উৰিয়াগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অব্যাহত আছে নিৰ্মাণকাৰ্য (NHAI project in Nagaon)। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দীৰ্ঘদিনে সৰু সৰু ব্যৱসায়ৰে পৰিয়াল পোহপাল দিয়া ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰি বহিৰাগত কোম্পানীক পেট্ৰল পাম্প, ধাবা স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে আজিও উত্তাল হৈ আছে নগাঁও ।
সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে কাৰ্যৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উৰিয়া গাঁও বাইপাছত আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰে (AJYCP protest in Nagaon)৷ আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰি জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াৰ মন্তব্য- ‘‘ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে নগাঁও জিলা প্ৰশাসনক শিখণ্ডি সজাই অসমীয়া থলুৱা ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক দমন নীতিৰে বন্দুক আৰু লাঠিৰে ভয় ভাবুকি দেখুৱাই অন্যায়ভাৱে চলাই গৈছে নিৰ্মাণকাৰ্য’’।