অসম

assam

ETV Bharat / state

এনকাউন্টাৰ : আনন্দ মিশ্ৰক বদলিৰ দাবী ধিং ছাত্ৰ মুক্তিৰ - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

ধিং শালকাটিত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীৰ গুলীত নিহত জয়নাল আবেদিনৰ মৃত্যুৰ চিবিআইৰ তদন্তৰ দাবী কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ধিংবাসীয়ে ৷

protest against nagaon police encounter case
জয়নাল আবেদিনৰ মৃত্যুৰ চিবি আইৰ তদন্তৰ দাবী

By

Published : Jul 13, 2021, 8:28 PM IST

ধিং,13 জুলাই : মঙলবাৰে পুৱাই ধিং শালকাটিত উত্তপ্ত পৰিস্থিতি ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজপথ ৷ নগাঁও আৰক্ষীৰ এনকাউন্টাৰত নিহত হোৱা জয়নাল আবেদিনৰ মৃত্যুৰ তদন্ত বিচাৰি প্ৰতিবাদত নামিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ধিঙৰ শালকাটি গাঁওবাসী ৷ দাবী তুলিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলিৰ ৷

উল্লেখ্য যে, নগাঁৱৰ ধিঙৰ শালকাটিৰ জয়নাল আবেদিন নামৰ এজন অভিযুক্তৰ 11 জুলাইৰ পুৱতি নিশা আৰক্ষী (Nagaon Police)ৰ গুলীত মৃত্যু হয় ৷ জয়নালৰ মৃত্যুক কেন্দ্ৰ কৰি বিগত দেওবাৰৰ পৰাই অসম আৰক্ষী তথা নগাঁৱৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে গৰজি উঠে ধিং বাসী ৷ জয়নাল আবেদিনৰ মৃত্যুক লৈ স্থানীয় লোকৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

আৰক্ষীৰ মতে, কুখ্যাত অপৰাধী জয়নাল আবেদিনে আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰাৰ বাবেই আৰক্ষীৰ প্ৰত্যাক্ৰমণত মৃত্যু হয় ।

কিন্তু আৰক্ষীৰ এই ভাষ্য অস্বীকাৰ কৰিছে জয়নালৰ পৰিয়ালৰ লগতে স্থানীয় লোকে ৷ শালকাটিৰ স্থানীয় লোকৰ লগতে গাঁওবুঢ়াই ইয়াৰ বিপৰীতে জয়নাল আবেদিন কোনোদিনে চুৰি, ডকাইতিৰ দৰে অপৰাধত জড়িত নাছিল বুলি দাবী কৰিছে । অৱশ্যে অত্যধিক সুৰাপান কৰি জয়নালে প্ৰায়েই অঞ্চলটোত হুলস্থুলীয়া পৰিবেশ কৰিছিল বুলি জানিবলৈ দিয়ে ৷

জয়নালৰ মৃত্যুৰ চিবিআইৰ তদন্তৰ দাবী

যাৰ বাবে অঞ্চলটোৰ ৰাইজেই পচন্দ কৰা নাছিল জয়নাল আবেদিনক ৷ আৰক্ষীৰ গুলীত জয়নাল আবেদিনৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামেও (Dhing MLA Aminul Islam)। নিহত জয়নাল আবেদিন কোনো অপৰাধী নাছিল বুলি দাবী কৰি সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছিল বিধায়ক আমিনুল ইছলামে (Dhing MLA Aminul Islam)।

কিন্তু আৰক্ষীৰ গুলীত নিহত হোৱা জয়নাল আবেদিনক হত্যা কৰা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গাঁওবাসীয়ে ৷ যাৰ বাবে জয়নাল আবেদিনৰ মৃত্যুৰ চিবিআইৰ তদন্ত বিচাৰিছে ছাত্ৰ মুক্তিৰ লগতে ধিং বাসীয়ে ৷ মঙলবাৰে হাতে হাতে বেনাৰ প’ষ্টাৰ লৈ অসম আৰক্ষী তথা নগাঁও আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসী ৰাইজৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ জয়নাল আবেদিনৰ মৃত্যুৰ উচিত তদন্ত নহ’লে এই আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদস্য ফেৰদৌছ জিন্নাৰে ৷

লগতে পঢ়ক:আৰক্ষীৰ গুলীত জয়নালৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details