কলিয়াবৰ, 28 জুলাই : বুধবাৰে অসমৰ সীমা সমস্যা সমাধানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে দাহ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা । সংগঠনটোৱে কলিয়াবৰ তিনিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে অমিত শ্বাহৰ পুত্তলিকা । সীমা সমস্যা সমাধান কৰাকে ধৰি বিভিন্ন শ্ল'গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে সংগঠনটোৱে ৷ ইপিনে অসমৰ সীমা বিবাদ কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
কলিয়াবৰৰ সমান্তৰালকৈ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত আৰক্ষী শ্বহীদ হোৱা ঘটনাক লৈ বুধবাৰে নগাঁৱত প্ৰতিবাদ(Protest) সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ নগাঁও জিলা সমিতিয়ে ৷ প্ৰাণ দি হ’লেও ভূমি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ পুত্তলিকা দাহ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে অসম আৰক্ষীয়ে (Assam Police) প্ৰাণ দিবলগীয়া হৈছে ৷ মিজোৰাম সীমান্তত অসম আৰক্ষীয়ে প্ৰাণ দিবলগীয়া হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই ।