অসম

assam

ETV Bharat / state

গৃহ জিলাত জ্বলিল যতীন বৰাৰ পুত্তলিকা

অভিনেতা যতীন বৰাৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল গৃহ জিলাৰ ছাত্ৰ সমাজ। দাহ কৰিলে পুত্তলিকা । যতীন বৰাক সামাজিকভাৱে বৰ্জনৰ ঘোষণা ছাত্ৰ সমাজৰ।

By

Published : Aug 22, 2020, 4:54 AM IST

Students protest against jatin Bora
Students protest against jatin Bora

নগাঁও, 21 আগষ্ট :গৃহ জিলাতেই এতিয়া আদৰ হেৰুৱাইছে অভিনেতা যতীন বৰাই । অভিনেতা গৰাকীৰ শেহতীয়া স্থিতি তথা অসমবাসী ৰাইজক কৰা প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । নগাঁৱৰ ছাত্ৰ সমাজেও শুকুৰবাৰে নগাঁৱৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ সন্মুখত যতীন বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । যতীন বৰাই পঢ়ি অহা কলেজখনৰ সন্মুখতেই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সমাজে । ইফালে নগাঁও জিলাত যতীন বৰাক সামাজিকভাৱে বৰ্জন কৰাৰ কথাও ঘোষণা কৰে প্ৰতিবাদী ছাত্ৰসকলে ।

গৃহ জিলাত জ্বলিল যতীন বৰাৰ পুত্তলিকা

উল্লেখ্য যে, বছৰৰ পহিলাতেই ৰাজ্যৰ আকাশ-বতাহ কঁপোৱা ‘কা’ বিৰোধী আন্দোলনৰ মজিয়াত অভিনেতাজনে বিজেপি বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল ৷ তাৰোপৰি সেই সময়ত নাগৰিকত্ব সংশোধনী আইনে অসমীয়াৰ ক্ষতি কৰিব বুলি স্থিতি স্পষ্ট কৰিছিল যতীন বৰাই ৷ কিন্তু সেই একেজন যতীন বৰাই আন্দোলন স্তিমিত হোৱাত পুনৰ বিজেপিলৈ ঢাপলি মেলিছে ৷ তাৰোপৰি বিজেপিৰ স্বৰ্ত অনুসাৰে ’কা’ আন্দোলনত অংশ গ্ৰহণ আবেগৰ বশৱৰ্তী হৈ কৰা ভুল বুলিও স্বীকাৰ কৰি লৈছে ৷ এই ঘোষণাৰ পাচতেই ৰাজ্যজুৰি প্ৰতিবাদ তথা গৰিহণাৰ সন্মুখীন হৈছে অভিনেতা গৰাকী ৷

লগতে পঢ়ক :বিশ্বনাথত প্ৰাণ হেৰুৱালে পাঁচমহীয়া পোৱালী হাতীয়ে

ABOUT THE AUTHOR

...view details