কামপুৰ, 12 আগষ্ট: কপিলীৰ পাৰত অবৈধভাৱে স্থাপিত বালি মেচিনৰ বিৰুদ্ধে কামপুৰত গৰজি উঠিল কৃষক মুক্তিৰ লগতে শতাধিক পুৰুষ-মহিলা (Illegal sand machines ) ৷ দীৰ্ঘদিন ধৰি কামপুৰ-যমুনামুখ সংযোগী পথৰ ৩ নং ৰে’ল গেটৰ সমীপত থকা কপিলী নদীৰ বালি মহলত অবৈধভাৱে মেচিন লগাই বালি উঠাই আহিছে ৷ স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে পূৰ্বে দুবাৰকৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷
বালি মহলটোত অবৈধভাৱে মেচিন লগাই বালি তুলি কপিলী নৈৰ খহনীয়া বৃদ্ধি কৰাৰ লগতে বাট-পথ জৰাজীৰ্ণ কৰি পেলাইছে ৷ শুকুৰবাৰে পুনৰ অবৈধ বালি মেচিনসমূহ উঠাই নিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ-মহিলাই (Protest against illegal sand machines at Kampur) ৷