বঢ়মপুৰ,24 অক্টোবৰ: নগাঁও জিলাৰ কামপুৰত প্ৰতিদিনে অবাধ হাৰত বৃদ্ধি পাবলৈ ধৰিছে মাদক দ্ৰব্যৰ প্ৰচলন ৷ ফলত সমান্তৰালকৈ বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাও ৷ বৃহস্পতিবাৰে ঠাইখনত মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে অসম মহিলা সমতা চ'ছাইটি আৰু পি এল ভিৰ উদ্যোগত শতাধিক মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে ৷
বঢ়মপুৰৰ কামপুৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিবাদ
ৰাজ পথত নামিল মহিলা,বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে অসম মহিলা সমতা চ'ছাইটি আৰু পি এল ভিৰ উদ্যোগত শতাধিক মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে ৷
বঢ়মপুৰৰ কামপুৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে প্ৰতিবাদ
উল্লেখ যোগ্য যে মহিলা আৰু ছাত্ৰ-ছাত্ৰীসকলে কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰি মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰিবলৈ দাবী জনায় ৷ মাদক দ্ৰব্যই বহু পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ পাছতে মাদক দ্ৰব্যৰ ভয়াৱহতা সম্পৰ্কে নতুন প্ৰজন্মক সজাগ কৰি তোলাৰ উদ্দেশ্যৰেই মহিলাসকলে মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰাৰ দাবীত উলিয়াই এই প্ৰতিবাদী সমদল ৷