অসম

assam

By

Published : Jun 14, 2022, 10:36 PM IST

ETV Bharat / state

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি: বিলাসী বাহনৰ বিপৰীতে হাতীৰ পিঠিত দৰা

ব্যতিক্ৰমী ৰূপত কইনা ঘৰত উপস্থিত হ'ল দৰা । বিলাসী বাহনৰ পৰিৱৰ্তে হাতীৰ পিঠিত উঠি কইনা ঘৰত উপস্থিত হ'ল দৰাসহ বৰযাত্ৰীৰ দল । সততে নেদেখা এনে এক বিবাহৰ দৃশ্য দেখা গ'ল নগাঁৱৰ জাজৰিত (Bridegroom on elephant back in Nagaon)।

Bridegroom on elephant back in Nagaon
বিলাসী বাহনৰ বিপৰীতে হাতীৰ পিঠিত দৰা

নগাঁও, 14 জুন: বিলাসী বাহনে বজাৰ দখল কৰাৰ সময়তে এক ব্যতিক্ৰমী ৰূপত কইনা ঘৰত উপস্থিত হ'ল দৰা । বিলাসী বাহনৰ পৰিৱৰ্তে হাতীৰ পিঠিত উঠি কইনা ঘৰত উপস্থিত হ'ল দৰাসহ বৰযাত্ৰীৰ দল । আজিৰ দিনত সততে নেদেখা এনে এক বিবাহৰ দৃশ্যই দেখা গ'ল নগাঁও জিলাৰ জাজৰিত (Bridegroom on elephant back in Nagaon)।

মঙলবাৰে জাজৰিত অনুষ্ঠিত হোৱা এই বিয়াই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ নগাঁৱত । কিয়নো এই বিবাহৰ জৰিয়তেই যেন এক প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিলে দৰাই (Bridegroom protests against fuel price hike)। দৰাৰ নাম ইয়াছিন শ্বাহ আলম । জাজৰিৰ ছোট মণিপুৰৰ এইজন ইয়াছিন শ্বাহ আলমে আচলতে কোনো চমক দিয়াৰ উদ্দেশ্যে হাতীৰ পিঠিত উঠি যোৱা নাই কইনাঘৰলৈ । পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ উদ্দেশ্যেই বিলাসী বাহনৰ পৰিৱৰ্তে আত্মীয়ৰ হাতীৰেই বৰযাত্ৰী হিচাপে উপস্থিত হয় কইনাঘৰত ।

বিলাসী বাহনৰ বিপৰীতে হাতীৰ পিঠিত দৰা

সম্প্ৰতি পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ কোঙা কৰিছে সৰ্বসাধাৰণ জনতাক । পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বিভিন্ন দল-সংগঠনে । এনে সময়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যেই নিজৰ শুভ বিবাহৰ দিনাই যেন এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে ইয়াছিনে ।

হাতীৰ পিঠিত উঠি কইনা ঘৰত উপস্থিত হৈ কইনাঘৰৰ পৰাই পেট্ৰ'ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈও চৰকাৰক দাবী জনায় দৰাৰ সাজত থকা ইয়াছিন শ্বাহ আলমে ।

লগতে পঢ়ক:প্ৰৱল বৰষুণৰ সম্ভাৱনা: বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details