নগাঁও, 15 ছেপ্তেম্বৰঃ নগাঁৱৰ জাজৰিত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় কেইবাশতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মহিলাৰ জোঁৰ সমদল
নগাঁৱৰ জাজৰিত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় কেইবাশতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে, যোৱা ১২ ছেপ্তেম্বৰত জাজৰি বগৰিগুৰিত স্বামীয়ে নিজ পত্নীক ডিঙি চেপি হত্যা কৰিছিল । তাৰোপৰি কিছু দিন পূৰ্বে নগাঁৱৰ ধিং গাঁৱতো এগৰাকী নৱ বিবাহিত বোৱাৰীক হাত ভৰি বান্ধি জ্বলাই হত্যা কৰিছিল । দিনকদিনে এই নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাত সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় কেইবাশতাধিক মহিলাই হাতে হাতে জোঁৰ লৈ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাৰী নিৰ্যাতন বন্ধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসন ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে ডাইনী হত্যা, বাল্য বিবাহ, অন্ধ বিশ্বাসৰ দৰে ঘটনা সমূহ ওপৰত সজাগ কৰিবৰ বাবেও এই জোঁৰ সমদল উলিয়াই মহিলা সংগঠনটোৱে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক মহিলাই অংশ গ্ৰহণ কৰে ৷ অতি শীঘ্ৰে নাৰী নিৰ্যাতন বন্ধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী কৰিছে প্ৰতিবাদ কাৰী সকলে ৷