অসম

assam

প্ৰতিবাদী ক্ষোভৰ বজ্ৰ নিনাদেৰে অগ্নিগৰ্ভা অসম

By

Published : Dec 10, 2019, 12:43 PM IST

প্ৰতিবাদী ক্ষোভৰ বজ্ৰ নিনাদেৰে অগ্নিগৰ্ভা অসম ৷ নগাঁৱত বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ ৷ নেচ’ই আহ্বান কৰা বন্ধত স্তব্ধ হৈ পৰিছে ধেমাজি জিলাৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ টিংখাঙত সৰ্বানন্দ সোনোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিমূৰ্তিক শাৰী,মেখেলা,পেটিকোট পিন্ধাই ৰাজপথত চোঁচৰালে প্ৰতিবাদী মহিলাই ৷ যোৰহাটত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী কাৰ্যালয়সমূহো বন্ধ আছে ৷ বন্ধৰ প্ৰভাৱ সৰ্বত্ৰে পৰিলক্ষিত হয় দৰং জিলাতো ৷ কলগাছিয়াৰ বিভিন্ন স্থানত ৰাইজৰ ৰাজ্যিক ঘাইপথৰ ওপৰত অৱস্থান প্ৰতিবাদ ৷

অসমীয়াৰ বিক্ষোভ প্ৰতিবাদ
অসমীয়াৰ বিক্ষোভ প্ৰতিবাদ

নিউজ ডেস্ক, 6 ডিচেম্বৰ:হেজাৰ অসমীয়াৰ বিক্ষোভ প্ৰতিবাদক নস্যাৎ কৰি লোকসভাত গৃহীত জাতিধ্বংসী অভিহিত কেব ৷ প্ৰতিবাদী ক্ষোভৰ বজ্ৰনিনাদেৰে অগ্নিগৰ্ভা অসম ৷ বন্ধ, ধৰ্মঘট আদিৰে তোলপাৰ ৰাজ্য ৷

নগাঁও:এনে সময়তে নগাঁৱত বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰি আটকাধীন এন এছ ইউ আই কৰ্মী ৷ প্ৰতিবাদ কৰাৰ সময়তে আৰক্ষীৰ এটা বৃহৎ দলে আটক কৰি লৈ যায় কৰ্মীসকলক৷

নগাঁৱত আটক এন এছ ইউ আই কৰ্মী

ধেমাজি: ইফালে নেচ’ই আহ্বান কৰা বন্ধত স্তব্ধ হৈ পৰিছে ধেমাজি ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে পুৱা ধেমাজিত বন্ধ সমৰ্থকে ৰে'লপথৰ ওপৰত টায়াৰ জ্বলাই অৱৰোধ কৰে ৰে'লপথ ৷ ফলত আবদ্ধ হৈ পৰে নামনিমুৱা মুৰ্কংচেলেক পেছেঞ্জাৰ ৰে'ল ৷

ধেমাজিত ৰে'লপথ অৱৰোধ

টিংখাঙ: আনফালে টিংখাঙত সৰ্বানন্দ সোনোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিমূৰ্তিক শাৰী,মেখেলা,পেটিকোট পিন্ধাই ৰাজপথত চোঁচৰালে প্ৰতিবাদী মহিলাই ৷ কেব তথা বিজেপি বিৰোধী শ্লোগানেৰে উত্তাল হ'ল টিংখাঙৰ মৰাণ-নাহৰকটীয়া সংযোগী ৰাজ্যিক ঘাইপথ ৷

টিংখাঙত সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিমূৰ্তিক শাৰী, মেখেলা, পেটিকোট পিন্ধালে ৰাইজে

যোৰহাট:শ্বহীদ দিৱসৰ প্ৰাকক্ষণত কেব বিৰোধিতাৰে নেচ’ই আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে যোৰহাট জিলাত ৷ যোৰহাটত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বন্ধ হোৱা পৰিলক্ষিত হৈছে কাৰ্যালয়সমূহো ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ একাংশৰ ৷

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ

দৰং:বন্ধৰ প্ৰভাৱ সৰ্বত্ৰে পৰিলক্ষিত হয় দৰং জিলাতো ৷ জিলা খনৰ ছিপাঝাৰ,খাৰুপেটীয়া,দলগাঁও,কলাইগাঁও আদি অঞ্চলত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ প্ৰতিবাদকাৰীয়ে ৷

বন্ধৰ প্ৰভাৱ সৰ্বত্ৰে পৰিলক্ষিত দৰং জিলাতো

কলগাছিয়া: কলগাছিয়াৰ বিভিন্ন স্থানত ৰাইজে ৰাজ্যিক ঘাইপথৰ ওপৰত অৱস্থান প্ৰতিবাদ কৰি উত্তাল কৰি তোলে চৌদিশ ৷ কলগাছিয়াৰ লাংলা কলেজৰ সমীপতো প্ৰতিবাদকাৰী সকলে পথত টায়াৰ জ্বলাই কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰে ।

সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিকৃতি দাহ কলগাছিয়াত

লগতে পঢ়ক:ৰাজপথত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ 'বজ্ৰকল্প' কাৰ্যসূচী

ABOUT THE AUTHOR

...view details