অসম

assam

By

Published : Dec 13, 2019, 11:45 PM IST

ETV Bharat / state

নগাঁৱত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৰ্ডিং অসমীয়াত লিখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ

নগাঁৱৰ অধিবক্তাৰ এটা দলে উচ্চতম ন্যায়ালয়ত কেবৰ বিৰুদ্ধে দাখিল কৰিব ৰাজহুৱা স্বাৰ্থজনিত আবেদন । শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান নগাঁও জিলা প্ৰশাসনৰ । ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৰ্ডিং অসমীয়া ভাষাত লিখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ

নগাঁও
নগাঁৱত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৰ্ডিং অসমীয়াত লিখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ

নগাঁও, 13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শুকুৰবাৰেও উত্তাল নগাঁও । নগাঁৱৰ অধিবক্তাৰ এটা দলে উচ্চতম ন্যায়ালয়ত কেবৰ বিৰুদ্ধে দাখিল কৰিব ৰাজহুৱা স্বাৰ্থজনিত আবেদন । শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান নগাঁও জিলা প্ৰশাসনৰ । ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৰ্ডিং অসমীয়া ভাষাত লিখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ । শুকুৰবাৰে পুৱাৰ পৰা প্ৰায় তিনিঘণ্টা নগাঁৱৰ মূল পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ পথৰ ওপৰত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদী কাৰ্য্যসূচীত নগাঁৱৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে নগাঁৱৰ অধিবক্তা সমাজেও অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণত মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে । নগাঁও মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীয়েও প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । ইপিনে সংবিধান বিৰোধী এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিব নগাঁৱৰ অধিবক্তাৰ এটা গোটে । এই কথা অৱগত কৰে জ্যেষ্ঠ অধিবক্তা আবুল হাচিম খণ্ডকাৰে ।

নগাঁৱত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৰ্ডিং অসমীয়াত লিখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ


আনহাতে, শুকুৰবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । নগাঁও চহৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ হৰ্ডিং অসমীয়া ভাষাত লিখিবলৈ আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰে নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, শিল্পী সমাজ, সাহিত্যিক, সাংবাদিকৰ মাজত হোৱা সভাত । লগতে সন্ধিয়া ৬.৩০ বজাৰ পিছত আন্দোলনৰ কোনো কাৰ্য্যসূচী হাতত নোলোৰো সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি অসমীয়াত লিখি গাঁৱে গাঁৱে বিতৰণ কৰিব । লগতে প্ৰতিদিনে সন্ধিয়া নামঘৰ, মন্দিৰ, মছজিদত উপাসনাৰ অন্তত সকলোকে কেবৰ বিৰোধিতা কৰিবলৈও আহ্বান জনায় ।

নগাঁৱত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৰ্ডিং অসমীয়াত লিখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ

আৰু পঢ়কঃ সান্ধ্য আইন বাহাল যদিও উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details