অসম

assam

ETV Bharat / state

কলিয়াবৰবাসী "ৰাইজৰ বজ্ৰনিনাদ"ঃ"যাৰ নাই মেৰুদণ্ড, তেওঁ হ'ল সৰ্বানন্দ" !! - নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কলিয়াবৰবাসী "ৰাইজৰ বজ্ৰনিনাদ" ৷  প্ৰতিকূল বতৰকো নেউচি প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ সহস্ৰাধিক জনতাৰ ৷ বিশিষ্ট গায়ক পঙ্কজ বৰদলৈৰ হুংকাৰ, গীতেৰে উফৰাব জাতিদ্ৰোহী চৰকাৰক ৷

কলিয়াবৰ
কলিয়াবৰবাসী "ৰাইজৰ বজ্ৰনিনাদ"

By

Published : Jan 3, 2020, 5:36 PM IST

নগাঁও, 3 জানুৱাৰীঃ কলিয়াবৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে "ৰাইজৰ বজ্ৰনিনাদ" ৷ প্ৰতিকূল বতৰকো নেউচি অংশগ্ৰহণ সহস্ৰাধিক জনতাৰ ৷ বিশিষ্ট গায়ক পঙ্কজ বৰদলৈৰ হুংকাৰ, গীতেৰে উফৰাব জাতিদ্ৰোহী চৰকাৰক ৷ লগতে উপস্থিত থাকে নৃত‍্য পৰিচালক উদয় শংকৰ ৷ শুকুৰবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ আহ্বানত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰামী ঐক‍্য মঞ্চৰ সহযোগত কলিয়াবৰ গান্ধী খেলপথাৰ, কুঁৱৰীটোলত "ৰাইজৰ বজ্ৰনিনাদ" কাৰ্যসূচী ৰূপায়ণ কৰে৷

কাৰ্যসূচীত গান্ধী পথাৰৰ পৰিৱৰ্তে সমীপতে থকা মুক্তি যুঁজাৰু ভৱন প্ৰেক্ষাগৃহত সহস্ৰাধিক সমবেত সংগ্ৰামী জনতাক সম্বোধন কৰি গীতেৰে জাতিদ্ৰোহী অসম চৰকাৰক উফৰোৱাৰ হুংকাৰ দিলে বিশিষ্ট শিল্পী পঙ্কজ বৰদলৈয়ে । অনুষ্ঠানত অসম সাহিত‍্য সভাৰ নগাঁও জিলা শাখিৰ সম্পাদক, অসম শিক্ষক সন্মিলনৰ উপদেষ্টাই নাগৰিকত্ব আইনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তাৰোপৰি নৃত্য পৰিচালক উদয় শংকৰেও "আছে গৰু নাবায় হাল, সৰ্বা তুমি নোহোৱাই ভাল।" "যাৰ নাই মেৰুদণ্ড, তেওঁ হ'ল সৰ্বানন্দ" বুলি তীব্ৰ বাক্যবাণেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমালোচনা কৰে ৷

কলিয়াবৰবাসী "ৰাইজৰ বজ্ৰনিনাদ"

উল্লেখ্য যে, কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ‍্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য‍্য, সভাপতি দিপাঙ্ক নাথ, সম্পাদক লুৰিণ জ‍্যোতি গগৈ আৰু অসমৰ শিল্পী সমাজ অংশ গ্ৰহণ কৰা কথ আছিল । কিন্তু প্ৰতিকূল বতৰৰ বাবে আছুৰ শীৰ্ষ বিষয়ববীয়া আৰু শিল্পী সমাজ উপস্থিত থাকিব নোৱাৰিলে।

আৰু পঢ়কঃ খানাপাৰাত বিজেপিৰ বুথ কৰ্মী সন্মিলনৰ বিশাল আয়োজন

ABOUT THE AUTHOR

...view details