অসম

assam

ETV Bharat / state

CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা - বিশ্বজুৰি ক‘ৰণা মহামাৰী

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ ওলাই আহিল বিভিন্ন জাতীয় দল সংগঠন। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ । আছুৱে পালন কৰিলে ক'লা দিৱস । ৰাজপথত ক'লা পতাকা উৰুৱাই ছাত্ৰ সন্থাৰ প্ৰতিবাদ। যেন ২০১৯ ৰ ডিচেম্বৰৰ উকমুকনি।

CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা
CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা

By

Published : Dec 11, 2020, 9:16 PM IST

নিউজ ডেস্ক,11 ডিচেম্বৰঃ 11 ডিচেম্বৰ 2019 । অসমবাসীৰ বাবে এটা ক'লা দিন । এই দিনটোতে অসমবাসীৰ প্ৰতিবাদক ভেঙুচালি কৰি কেন্দ্ৰই গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়ক । তাৰ পিছতেই উত্তাল হৈ পৰিছিল সমগ্ৰ ৰাজ্য । আজি এটা বছৰ সম্পূৰ্ণ হ’ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি ৰাজ্যত কঁপোৱা বৃহৎ গণ আন্দোলনৰ ৷

CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা

বিগত বৰ্ষৰ এই সময়তে সমগ্ৰ ৰাজ্যৰ স্তব্ধ হৈ পৰিছিল বিভিন্ন দল সংগঠন, ছাত্ৰ- সমাজ আৰু সৰ্ব স্তৰৰ জনসাধৰণৰ প্ৰতিবাদ আৰু ক্ষোভত ৷ সকলোৱে একে মুখে এই আইনৰ বিৰোধিতা কৰিছিল ৷ ছাত্ৰ-সমাজে শ্ৰেণী বৰ্জন কৰি ৰাজ পথলৈ ওলাই আহিছিল , আৱাল বৃদ্ধ বনিতাৰ পৰা সকলোলে আই মাতৃৰ অস্তিত্ব ৰক্ষাৰ বাবে এই আন্দোলনত জঁপিয়াই পৰিছিল ৷ তাৰ মাজতে চৰকাৰৰ এই আন্দোলন দমন কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ ক্ৰমাত এই আন্দোলন তীব্ৰতৰ হৈ পৰিছিল সমগ্ৰ ৰাজ্যজুৰি সেই সময়তে পাঁচ জনকৈ যুৱক ক্ৰমে,ঈশ্বৰ নায়ক, ছেম ষ্টেফৰ্ড,আব্দুল আলিম, দীপাঞ্জল দাস, দীজেন্দ্ৰ পাংগিঙে শ্বহীদ বৰণ কৰিব লগীয়া হৈছিল ৷ সেই সময়ত উজনি অসমত আন্দোলনত গুৰি ধৰা অখিল গগৈক দেশদ্ৰোহী সজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আৰু বৰ্তমান পৰ্যন্ত তেওঁক কাৰাগাৰতে বন্দি কৰি ৰাখিছে ৷

CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা

উল্লেখযোগ্য যে, আন্দোলন চলি থকাৰ সময়তে বিশ্বজুৰি ক‘ৰণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ বাবে আন্দোলন স্তিমিতি হৈ পৰিছিল ৷ সম্প্ৰতি ক’ৰণাৰ সন্ত্ৰাস কিছু হ্ৰাস পোৱাত দীৰ্ঘ দিনৰ বিৰতিৰ পিছত এতিয়া ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ পুনৰ কা বিৰোধী আন্দোলন আৰম্ভ কৰিছে ৰাজ্য প্ৰতিটো জাতীয় দল সংগঠনে ৷ সকলো ওলাই আহিছে আৰু একেমুখে CAA নামানো বুলি হুংকাৰ প্ৰদান কৰিছে ৷ ইতিমধ্যে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে ছ’চিয়েল মিডিয়াৰ জৰিয়তে আন্দোলন কৰিবলৈ কৰিবলৈ সকলোকে আহ্বান জনাইছে ৷ যি কোনো বিনিময়ত এই আইন অসমে নামানে বুলি চৰকাৰক সকিয়াই দিছে সকলোৱে ৷

CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা

শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ উদ্যোগত আৰু গুৱাহাটী ছাত্ৰসমাজৰ সহযোগত দীঘলী পুখুৰীৰ পাৰত ৰূপায়ন কৰা হৈছে ৰণহুংকাৰ কাৰ্যসূচী ৷ তাৰ সমান্তৰভাবে, নগাঁও, শিৱসাগৰ, গোলাঘাট , ধেমাজী , লখিমপুৰ , যোৰহাট, তেজপুৰকে ধৰি প্ৰতিখন জিলাতে বিভিন্ন দল,সংগঠন ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে 2019 ৰ হোৱা কা আন্দোলনত শ্বহীদ হোৱা পাঁচ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ নিৰ্বাচনক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details