অসম

assam

ETV Bharat / state

মৈৰাবাৰীৰ উৰুলকাটা গাঁৱৰ বি এল অ'ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - moirabari

মৈৰাবাৰীৰ উৰুলকাটা গাঁৱৰ বি এল অ'ক বৰ্খাস্ত কৰাৰ দাবীৰে প্ৰতিবাদত নামিল ৰাইজ । শ্বাহিদা খাতুন নামৰ বি এল অ'গৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ । ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে শ্বাহিদা খাতুনে উৎকোচ লোৱাৰ অভিযোগ তুলিছে ৰাইজে ।

উৰুলকাটা গাঁৱৰ বি এল অ'ক বৰ্খাস্ত কৰাৰ দাবীৰে প্ৰতিবাদত নামিল ৰাইজ
উৰুলকাটা গাঁৱৰ বি এল অ'ক বৰ্খাস্ত কৰাৰ দাবীৰে প্ৰতিবাদত নামিল ৰাইজ

By

Published : Nov 29, 2020, 1:34 PM IST

ধিং, ২৯ নৱেম্বৰ: নগাঁৱৰ মৈৰাবাৰীৰ উৰুলকাটা গাঁৱৰ বি এল অ' শ্বাহিদা খাতুনে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ভোটাৰ আৰু এন আৰ চিৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ নামত একাংশ লোকৰ পৰা শ্বাহিদা খাতুন আৰু তেওঁৰ স্বামীয়ে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে । দুয়োৰে বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু হৈ থকাৰ পিছতো আৰক্ষীয়ে আজিলৈ কোনো ব্যৱস্থা লোৱা নাই ।

মৈৰাবাৰীৰ উৰুলকাটা গাঁৱৰ বি এল অ'ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

উপায়হীন হৈ দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে উৰুলকাটাবাসীয়ে । উল্লেখ্য যে, ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ২১০ নং উৰুলকাটা পুলিং ষ্টেচনৰ বি এল অ'ৰ দায়িত্বত আছে শ্বাহিদা খাতুন নামৰ অংগনবাড়ী কৰ্মীগৰাকী । ৰাইজে অভিযোগ তুলিছে, নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ শ্বাহিদা খাতুনে ১-১০ হাজাৰ টকা দাবী কৰে ।

উৰুলকাটা গাঁৱৰ বি এল অ'ক বৰ্খাস্ত কৰাৰ দাবীৰে প্ৰতিবাদত নামিল ৰাইজ

ভোটাৰ তালিকাত কিবা ভুল থাকিলেও দিবলগীয়া হয় মোটা অংকৰ ধন। নহ'লে বাংলাদেশী হৈ যাব বুলি সাধাৰণ ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই আতংকিত কৰে । বি এল অ'গৰাকীৰ স্বামী আবুল কালাম আজাদে পত্নীক এই কাম কৰিবলৈ উচতনি দিয়ে বুলিও অভিযোগ তুলিছে ৰাইজে ।

এন আৰ চিৰ তালিকা নাম অন্তৰ্ভুক্তিৰ সময়ত বি এল অ'গৰাকীৰ স্বামীয়ে আবু ছাহিদ নামৰ এজন লোকৰ পৰা ৭০ হাজাৰ টকা লোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । জন্মৰ প্ৰমাণ পত্ৰ প্ৰস্তুতৰ বাবদো ধন লৈ ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । দুয়োৰে বিৰুদ্ধে ইতিমধ্যে আজিবুৰ ৰহমান আৰু নুৰ ভানুৱে পৃথকে পৃথকে দুখন এজাহাৰ দিয়ে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উৰুলকাটা গাঁৱৰ বি এল অ'ক বৰ্খাস্ত কৰাৰ দাবীৰে প্ৰতিবাদত নামিল ৰাইজ

এই সন্দৰ্ভত বি এল অ' পৰ্যবেক্ষণকাৰীৰ লগতে ধিং ৰাজহ চক্ৰ বিষয়াকো যোৱা ১৭ নৱেম্বৰত লিখিত অভিযোগ দিয়ে ৰাইজে । ৰাজহ চক্ৰ বিষয়াই বি এল অ'গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়ত লক্ষণীয় হ'ব।

লগতে পঢ়ক:21ৰ' নিৰ্বাচনত বিপিএফৰ সংগ এৰিব বিজেপিয়ে : হিমন্তৰ ইংগিত

ABOUT THE AUTHOR

...view details