অসম

assam

ETV Bharat / state

নগাঁৱত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ওলাই আহিল প্ৰগতিশীল নাৰী সন্থা - শ্লোগান

প্ৰতিবাদে কঁপিল নগাঁৱৰ আকাশ-বতাহ ৷ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে প্ৰগতিশীল নাৰী সন্থা ৷ নগাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদ ৷

protest against bjp
নগাঁৱত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ওলাই আহিল প্ৰগতিশীল নাৰী সন্থা ;

By

Published : Nov 12, 2021, 9:12 AM IST

নগাঁও, 12 নৱেম্বৰ :বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ভুৱা প্ৰতিশ্ৰুতিয়ে জ্বলা-কলা খুওৱাইছে ৰাইজক ৷ মিথ্যাচাৰ, প্ৰতাৰণা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই বাৰুকৈয়ে জুৰুলা কৰিছে ৰাইজক ৷

11 নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে নগাঁৱত এই চৰকাৰৰ বিৰুদ্ধে নগাঁও কলেজ চ'কৰ মতিৰাম বৰা ক্ষেত্ৰত মুখৰ কৰি তোলে প্ৰগতিশীল নাৰী সন্থাই ৷ সন্থাৰ সদস্যসকলে এই প্ৰতিবাদী কাৰ্যসূচীত জোৰদাৰভাৱে অংশ লয় ৷

নগাঁৱত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ওলাই আহিল প্ৰগতিশীল নাৰী সন্থা ;

তেওঁলোকৰ দাবীসমূহ আছিল ক্ৰমান্বয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা, বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰা, নাৰীক সুৰক্ষা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, প্ৰতিগৰাকী মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক ঋণমুক্ত কৰাৰ ঘোষণা কৰা ইত্যাদি ৷

বিভিন্ন শ্ল’গানেৰে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰাৰ লগতে অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে চাওক :আজিৰ দিনটোৰ ৰাশিফল

ABOUT THE AUTHOR

...view details