নিউজ ডেস্ক, 13 জুন: সমগ্ৰ ৰাজ্যতে মঙলবাৰে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে ৷ বৰ্ধিত বিদ্যুৎ মাচুল, স্মাৰ্ট মিটাৰ স্থাপন, অনিয়মীয়া বিদ্যুৎ যোগান আদিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী ৰাজনৈতিক দল দুটাই ৷ পৃথকে পৃথকে ৰাজ্যৰ প্ৰতিখন জিলাতেই প্ৰতিবাদেৰে পৰিবেশ উত্তাল কৰে দুয়োটা দলৰে নেতা-কৰ্মীয়ে ৷
কলিয়াবৰ:স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ কৰা বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস, বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীত আম আদমী পাৰ্টীৰ কলিয়াবৰ সমিতিৰ তীব্ৰ প্ৰতিবাদ । কলিয়াবৰৰ কুঁৱৰীটোলস্থিত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ (APDCL) কলিয়াবৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আম আদমী পাৰ্টীৰ স্থানীয় নেতা-কৰ্মীয়ে । দিল্লী আৰু পঞ্জাব চৰকাৰে যদি 200 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰিব যদি পাৰে অসম চৰকাৰ কিয় বিদ্যুৎ মাছুল ৰেহাই দিব নোৱাৰে বুলি প্ৰশ্ন আম আদমী পাৰ্টীৰ । বিদ্যুৎ মাচুল সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যকো ধিক্কাৰ জনাই আপৰ সদস্যসকলে ৷
নগাঁও:শক্তি বিভাগৰ বিৰুদ্ধে নগাঁও সদৰতো দেখা যায় প্ৰতিবাদৰ ঢৌ । প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহকৰ পৰা অত্যাধিক হাৰত বিদ্যুৎ মাচুল আদায় লোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰিপেইড স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ দাবী জনায় আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে । বিদ্যুৎ যোগান নিয়মীয়া কৰা, বৰ্ধিত বিদ্যুৎ মাচুল হ্ৰাস কৰা আদি কেবাটাও দাবীত বিভাগীয় বিষয়াৰ জৰিয়তে ৰাজ্যৰ শক্তি মন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰও প্ৰদান কৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে ।
লখিমপুৰ:নগৰ ব্লক কংগ্রেছ কমিটিৰ সহযোগত লখিমপুৰতো জিলা কংগ্রেছ কমিটিয়ে দুটাকৈ পৃথক প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । জিলা কংগ্রেছৰ কাৰ্যালয়ৰ পৰা সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে কংগ্রেছ কৰ্মীসকলে । সময় মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে নিজা প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি ৰাজনৈতিক দল সমুহক পঞ্চায়ত নিৰ্বাচন খেলিবলৈ দিয়াৰ দাবীত ধৰ্ণা দিয়ে প্ৰতিবাদী কংগ্রেছ কৰ্মী সকলে । আনহাতে, কংগ্রেছ কৰ্মীসকলে নগৰস্থিত এপিডিচিএলৰ কাৰ্যালয়তো প্ৰতিবাদ সাব্যস্ত কৰে । বৰ্ধিত বিদ্যুতৰ মাচুল বৃদ্ধি, সঘন লোড শ্বেডিং, নিয়মীয়াকৈ বিদ্যুৎ যোগান আদিৰ দাবীত কংগ্রেছ কৰ্মী সকলে এপিডিচিএলৰ কাৰ্যালয়ত প্ৰতিবাদ জনায় ।