কলিয়াবৰ, 13জুনঃ বৃহস্পতিবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত এক সজাগতা সভা কলিয়াবৰত অনুষ্ঠিত হয় ৷ এই সভাত ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক আকাশদ্বীপ বৰুৱা আৰু কাজিৰঙা বুঢ়াপাহাৰ বনাঞ্চলিক প্ৰাধিকাৰী ৰোহিনী শইকীয়া উপস্থিত থাকে।
কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাকলৈ কলিয়াবৰত সজাগতা সভা
সমাগত বাৰিষাৰ বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সুৰক্ষিত স্থান বিচাৰি ওলাই অহা জীৱ-জন্তুৰ যাতে কোনোধৰণৰ ক্ষতি নহয় তাৰ বাবে কেনেধৰণৰ সাৱধানতা আৰু সুৰক্ষা ব্যৱস্থা ল'ব লাগে সেই বিষয়ে এই সজাগতা সমাত ৰাইজক অৱগত কৰা হয়।
কলিয়াবৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা সভা
সমাগত বাৰিষাৰ বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সুৰক্ষিত স্থান বিচাৰি ওলাই অহা জীৱ-জন্তুৰ যাতে কোনোধৰণৰ ক্ষতি নহয় তাৰ বাবে কেনেধৰণৰ সাৱধানতা আৰু সুৰক্ষা ব্যৱস্থা ল'ব লাগে সেই বিষয়ে এই সজাগতা সমাত ৰাইজক অৱগত কৰা হয়। সভাত জখলাবন্ধা আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযষয়া নিপু কলিতাই অংশগ্ৰহণ কৰি আৰক্ষীৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷