ৰহা, 16 আগষ্ট : বোকাত পদুম ফুলে, এইষাৰ কথাকে পুনৰ প্ৰমাণ কৰিলে এগৰাকী প্ৰবীণ মহিলা খেলুৱৈয়ে ৷ মনৰ দৃঢ়তা আৰু চেষ্টা অব্যাহত থাকিলে সকলো সম্ভৱ ৷ কিন্তু অৰ্থৰ অভাৱৰ বাবে থমকি ৰৈছে ৰহাৰ বাৰপূজীয়াৰ এইৰাকী প্ৰবীণ সুদক্ষ খেলুৱৈ প্ৰমিলা দাস ৷ নিজৰ দক্ষতাৰ বলত জিলা পৰ্যায়ৰ পৰা গৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দৌৰ আৰু লংজাম্প খেলত সোণ-ৰূপৰ পদক বুটলি শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে প্ৰমিলাই ৷ ৰহাৰ বাৰপূজীয়াৰ ন পুখুৰী পাৰত ঘৰ প্ৰমিলা দাসৰ ৷ দিন হাজিৰা কৰি পেটৰ ভাত মোকলোৱা পৰিয়ালটোৰ পাকঘৰৰ গৃহিণী প্ৰমিলা দাস ৷
প্ৰমিলা দাসৰ খেলৰ প্ৰতি আছে অত্যন্ত হাবিয়াস ৷ 2019 চনত প্ৰমিলা দাসে মৰিগাঁও জিলাত অনুষ্ঠিত হোৱা এখন এথলেটিক্স খেলত অংশগ্ৰহণ কৰিছিল ৷ জিলা, ৰাজ্যিকৰ ওপৰিও ৰাষ্ট্ৰীয় পৰ্যায়তো খেলুৱৈগৰাকীয়ে অংগ্ৰহণ কৰি লাভ কৰিবলৈ সক্ষম হৈছিল সোণ, ৰূপ আৰু ব্ৰঞ্জকে আদি কৰি বহুসংখ্যক পদক ৷ তাৰ পাচৰ পৰা যেন উভতি চাব লগা হোৱা নাছিল খেলুৱৈগৰাকীয়ে ৷ নগাঁও, মৰিগাঁও, গোলাঘাট, দিল্লী, মণিপুৰ, কলিকতাকে আদি কৰি ভাৰতৰ বিভিন্ন স্থানত নিজ পাৰদৰ্শিতাৰে পদক জয় কৰি, অহা 8 ডিচেম্বৰত ফিলিপাইনচত অনুষ্ঠিত হ'ব লগা মাষ্টাৰ দৌৰ আৰু লংজাম্পত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ প্ৰমিলা দাসে সুযোগ লাভ কৰিছে ৷