কলিয়াবৰ , 11 অক্টোবৰঃনৱপ্ৰজন্মৰ মাজত অতীতৰ সোণসেৰীয়া অসমীয়া গীতক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে বিনা মাননিৰে বিভিন্ন শিক্ষানুষ্ঠানত গীত পৰিৱেশন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে নগাঁও জিলাৰ কলিয়াবৰৰ নয়নজ্যোতি শইকীয়াই ৷ বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ তিনিটা জ্যোতি সংগীত, তিনিটা বিষ্ণু ৰাভাৰ গীত, তিনিটা পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীত আৰু তিনিটা ভূপেন হাজৰিকাৰ গীত মুঠতে বাৰটা গীতৰ এক ঘন্টীয়া এক অনুষ্ঠান পৰিৱেশন কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত অসমীয়া সংগীতৰ ঐতিহ্য সম্বন্ধে মত বিনিময় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে শিল্পীজনে ৷ অনুষ্ঠান পৰিৱেশনৰ বাবে শিল্পীজনে শিক্ষানুষ্ঠানৰ পৰা বিচাৰিছে কেৱল প্ৰেক্ষাগৃহৰ সুবিধা ৷
জিলিকাব লুইতৰে পাৰ - সোণসেৰীয়া অসমীয়া গীত
নৱপ্ৰজন্মক অতীতৰ সোণসেৰীয়া অসমীয়া গীতৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যৰে "জিলিকাব লুইতৰে পাৰ" শীৰ্ষক নতুন পদক্ষেপ গ্ৰহণ কৰিছে কলিয়াবৰৰ শিল্পী নয়নজ্যোতি শইকীয়াই ৷ প্ৰত্যেক শিক্ষানুষ্ঠানত আমন্ত্ৰণক্ৰমে ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সংগীত পৰবেশন কৰিব শিল্পীজনে ৷
কলিয়াবৰৰ বিশিষ্ট ব্যক্তি তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভাবি শইকীয়াৰ একমাত্ৰ পুত্ৰ নয়নজ্যোতি শইকীয়া পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিষয়ৰ বিষয় শিক্ষক। বিদ্যালয়ত পঢ়ি থকাৰ কালতেই সংগীত চৰ্চা আৰম্ভ কৰা নয়নজ্যোতি শইকীয়াই জ্যোতি-বিষ্ণু, পাৰ্ৱতিপ্ৰসাদৰ যুগজয়ী গীতৰ লগতে বিশেষকৈ সঙ্গীত সূৰ্য্য ভূপেন হাজৰিকাৰ গীতৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ আছে। এইবাৰ শিক্ষানুষ্ঠানত নৱ-প্ৰজন্মক অসমৰ যাউতি-যুগীয়া গীতসমূহৰ সৈতে পৰিচয় কৰি দিয়াৰ এই পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।
গীতৰ অনু্ষ্ঠানৰ বাবে নয়নজ্যোতি শইকীয়াক তলৰ ফোন নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব।
যোগাযোগ নম্বৰ:
9864828033
7086564283
9101028520