চামগুৰি, 22 মে' :নগাঁও জিলাৰ জাজৰি উন্নয়ন মঞ্চৰ উদ্যোগত শনিবাৰে ৪৫ উৰ্ধৰ লোকক ক'ভিড মহামাৰীৰ প্ৰতিষেধক প্ৰদানৰ এক কাৰ্যসূচী হাতত লোৱা হয় । জাজৰি উন্নয়ন মঞ্চৰ সভাপতি জিয়াউৰ ৰহমান, সম্পাদক আতিকুৰ ৰহমান আৰু উপদেষ্টা আবুল খায়েৰ আহমেদৰ তৎপৰতাত প্ৰথম অৱস্থাত ১০০ জন লোকক ক'ভিড ভেকচিন প্ৰদানৰ লগতে ৰেপিড এন্টিজেন্ট টেষ্ট কৰা হয় ।
জাজৰি চাহখোৱা পুখুৰী প্ৰাথমিক বিদ্যালয়ত চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ এই কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ পৰা নাৰ্চ ৰাণু পাটৰ, বনশ্ৰী বৰুৱা, আশা কৰ্মীদ্বয় আমিনা খাটুন আৰু হাচিনা বেগম, এম পি ডব্লিউ জ্ঞানজ্যোতি নাথ আৰু সহায়ক তাজিমুদ্দিন আহমেদ উপস্থিত থাকে ৷