কলিয়াবৰ, 18 ডিচেম্বৰ :অচিৰেই দূৰ হ'ব কলিয়াবৰৰ শিলঘাট স্থিত অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা ৷ '২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পুনৰ উৎপাদন কাৰ্য আৰম্ভ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে কলটোত ৷ সকলো জল্পনা-কল্পনা দূৰ কৰি শুকুৰবাৰে কলৰ উৎপাদন কাৰ্য পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ৰাজ্যৰ মন্ত্ৰী তথা অসম সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি কেশৱ মহন্তই ।
বৃহস্পতিবাৰে কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত হোৱা এক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত উৎপাদন বন্ধ হৈ থকা কলটোৰ উৎপাদন কাৰ্য পুনৰ আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে । সকলো জটিলতা অন্ত পেলাই ২০২১ চনৰ পহিলা জানুৱাৰীত কলটো পুনৰ মুকলি হ'ব ।
পহিলা জানুৱাৰীৰ পৰা পুনঃআৰম্ভ হ’ব শিলঘাট মৰাপাট কলৰ উৎপাদন কাৰ্য উল্লেখযোগ্য যে, যোৱা ১২ নৱেম্বৰ তাৰিখে মৰাপাট কল কৰ্তৃপক্ষ, ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলটো পুনৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায্য ঘোষণা কৰিছিল । পৰৱৰ্তী সময়ত যোৱা ১১ ডিছেম্বৰ তাৰিখে শিলঘাটত উপস্থিত হৈ কল কৰ্তৃপক্ষৰে এক আলোচনাত মিলিত হৈ কলটো উৎপাদন কাৰ্য অনতিপলমে আৰম্ভ হ'ব বুলি মত প্ৰকাশ কৰিছিল মন্ত্ৰীগৰাকীয়ে ।
যোৱা ২ নৱেম্বৰৰ পৰা এক উত্তপ্ত পৰিস্থিতিৰ পিছত উৎপাদন বন্ধ হৈ আছিল দেশৰ অন্যতম সমবায় ভিত্তিত গঢ়ি উঠা লাভজনক উদ্যোগৰূপে স্বীকৃত অসম সমবায় মৰাপাট কলৰ ৷ কৰ্তৃপক্ষৰে হোৱা কেইবালানিও আলোচনাৰ পিছত এক যোগাত্মক সিদ্ধান্তত উপনীত হৈছে কল কৰ্তৃপক্ষ আৰু চৰকাৰ পক্ষ ।
লগতে পঢ়ক :বৰপেটাৰ যৌন নিৰ্যাতনৰ অভিযুক্তক 5 বছৰ সশ্ৰম কাৰাদণ্ড