নগাঁও,22 মাৰ্চ:অসম গণ পৰিষদক বিজেপিয়ে ভিজা মেকুৰীলৈ ৰূপান্তৰ কৰা বুলি এক তীৰ্যক মন্তব্য প্ৰদান কৰি বটদ্ৰৱাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ ৷ বটদ্ৰৱাত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলাই গান্ধীয়ে এই মন্তব্য কৰে ৷ বিজেপিৰ বিৰুদ্ধে নানান কটাক্ষসূচক মন্তব্য কৰি সোমবাৰে গান্ধীয়ে বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ চলাই এইবাৰৰ অসম বিধানসভা নিৰ্বাচনত ৰাইজক কংগ্ৰেছক ভোট দিয়াৰ বাবে আহ্বান জনায় ৷
অসমত দুগৰাকী মুখ্যমন্ত্ৰী আছে আৰু দুয়োগৰাকী মুখ্যমন্ত্ৰীয়েই দুৰ্বল বুলি মন্তব্য কৰি গান্ধীয়ে কয় যে, দিল্লীৰ পৰাহে অসমৰ ৰিম’ট কণ্ট্ৰল হয় ৷ অসমৰ ৰাইজক ৰাইজৰ হকে কাম কৰা এগৰাকী অসমীয়া নেতা বুলি দিম বুলি বিজেপিয়ে আঁভূৱা ভৰা মন্তব্য কৰিছিল বুলি দাবী কৰে গান্ধীয়ে ৷ তেওঁ কয় যে, বিজেপি চৰকাৰে মিথ্যাচাৰৰ বাহিৰে অসমৰ ৰাইজক একো নিদিলে ৷ বিজেপিয়ে যাকে নিজৰ সৈতে সংযুক্ত কৰে, তাকেই দুৰ্বল কৰে ৷ কাৰণ বিজেপিৰ মূল লক্ষ্য হৈছে নিজৰ সত্বা বজাই ৰখা আৰু সেই উদ্দেশ্যৰ বাবেই তেওঁলোকৰ সৈতে চামিল হোৱা প্ৰত্যেককে দুৰ্বল কৰি তোলে ৷ সেই অনুসৰিয়েই অসম গণ পৰিষদকো বিজেপিয়ে দুৰ্বল কৰি পেলালে ৷