নগাঁও, 25 জুনঃ নগাঁৱৰ ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰিয়াংশী গোস্বামীৰ সফলতাই গৌৰৱান্বিত কৰিছে নগাঁৱৰ লগতে কলিয়াবৰবাসীক ৷ পিতৃৰ আৰ্থিক অসুবিধাৰ মাজতো উচ্চতৰ মাধ্যমিক পৰীক্ষাত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে ৷ ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই বিনামূলীয়াকৈ শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিয়া ছাত্ৰীগৰাকীৰ সফলতাই আৱেগিক কৰি তুলিলে পিতৃক ৷
কন্যাৰ সফলতাই আৱেগিক কৰি তুলিলে পিতৃক - ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়
নিজ কন্যৰ সাফল্যই আৱেগিক কৰি তুলিলে আৰ্থিকভাৱে দুৰ্বল পিতৃক ৷ পিতৃৰ আৰ্থিক অসুবিধাৰ বাবে ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই বিনামূলীয়াকৈ শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিয়া প্ৰিয়াংশী গোস্বামীয়ে, সফলতাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
![কন্যাৰ সফলতাই আৱেগিক কৰি তুলিলে পিতৃক priyangshi goswami from kaliabor secured 7th position in h.s final exam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7762473-692-7762473-1593073085592.jpg)
উল্লেখ্য যে, প্ৰিয়াংশীৰ পিতৃ পূৰ্বতে এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল যদিও, পৰৱৰ্তী সময়ত তেওঁৰ ব্যৱসায়ৰ নিম্নমুখী হোৱাত আৰ্থিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছিল ছাত্ৰীগৰাকীৰ পিতৃ ৷ তেওঁৰ কন্যাৰ বাবে মহাবিদ্যালয় খনে দেখুওৱা মহানুভতাক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ যদি মহাবিদ্যালয়খনে ছাত্ৰী গৰাকীক বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি নিদিলে হয়, তেন্তে হয়তো তেওঁ আজি এই সফলতাৰ বাট বুলিব নোৱাৰিলে হয় বুলি সংবাদ মাধ্যমযোগে প্ৰকাশ কৰে মেধাৱী ছাত্ৰী গৰাকীৰ পিতৃয়ে ৷
লহতে পঢ়কঃকলা শাখাত সপ্তম স্থান দখলেৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়াংশী গোস্বামীয়ে