অসম

assam

ETV Bharat / state

নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন মহাপৰিদর্শক দশৰথ দাসৰ - কৰ'ণা

নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি কাৰাগাৰত থকা লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱাৰ পাচতে,স্বাস্থ্য বিধি ৰক্ষা কৰি কাৰাগাৰসমূহত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ৷

মহাপৰিদর্শক দশৰথ দাস
মহাপৰিদর্শক দশৰথ দাস

By

Published : Jul 26, 2020, 10:06 PM IST

নগাঁও, 26 জুলাই : দেওবাৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰিলে কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ৷ কাৰাগাৰ পৰিদৰ্শন কৰি অসমৰ মুঠ 31 খন কাৰাগাৰৰ ভিতৰত 13 খন কাৰাগাৰত কৰ'ণা আক্ৰান্ত লোক পোৱা বুলি উল্লেখ কৰে মহাপৰিদৰ্শক গৰাকীয়ে ৷ ইয়াৰ পাচতেই স্বাস্থ্য বিধি ৰক্ষা কৰি কাৰাগাৰসমূহত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰতো এই সকলো ব্যৱস্থা সুকলমে গ্ৰহণ কৰা হৈছে বুলি জনায় মহাপৰিদৰ্শক গৰাকীয়ে ৷ কেন্দ্ৰীয় কাৰাগাৰ খনত মুঠ 292 গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰোৱা হৈছিল আৰু 64 গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মহামাৰীৰ অৱস্থিতি ৷ বৰ্তমানে কাৰাগাৰৰ ভিতৰতে তেওঁলোকক আইচ'লেশ্যন কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ নগাঁৱৰ বিশেষ কাৰাগাৰত এটা COVID কেয়াৰ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা কৰি থকা হৈছে বুলি উল্লেখ কৰিছে ৷ অমসৰ সকলো কাৰাগাৰতে স্বাস্থ্য বিধিৰ প্ৰতি লক্ষ্য ৰাখি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ৷

নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন মহাপৰিদর্শক দশৰথ দাসৰ

কাৰাগাৰত কৰ'ণা আক্ৰান্ত লোক পোৱাৰ পাচতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দ্বাৰা কাৰাগাৰ সমূহত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক মোতায়েন কৰা হৈছে বুলি জানিবলৈ দিয়ে মহাপৰিদৰ্শক গৰাকীয়ে ৷ এই ক্ষেত্ৰত কৰ'ণাৰ লক্ষণ দেখা দিয়া লোকক কৰ'ণা চিকিৎসাৰ বাবে থকা সংশ্লিষ্ট চিকিৎসাসয়তো প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমানলৈ অসমৰ কাৰাগাৰসমূহত থকা মুঠ 4680 গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত সমগ্ৰ অসমতে মুঠ 666 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা গৈছে ৷ ইতিমধ্যে 283 গৰাকী কাৰাবন্দীয়ে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ লগতে কাৰাগাৰত কৰ্মৰত লোকসকলৰ সুৰক্ষাৰ বাবেও সুৰক্ষা প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি অসমৰ ভিন্ন প্ৰান্তৰ কাৰাগাৰৰ মুঠ 11 গৰাকী কৰ্মচাৰীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা গৈছে ৷ তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ৷ লগতে তেওঁলোকৰ ভিতৰত 3 গৰাকী লোকে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ এই বিষয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত জানিবলৈ দিয়ে কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ৷

লগতে পঢ়ক:ডিফুত পুনৰ 16 গৰাকী লোকৰ দেহত ক'ভিড-19 পজিটিভ

For All Latest Updates

ABOUT THE AUTHOR

...view details