অসম

assam

ETV Bharat / state

কলিয়াবৰত আৰম্ভ তৃতীয় প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ

শনিবাৰৰ পৰা কলিয়াবৰ ক্ৰিকেট এছ'চিয়েচনৰ উদ‍্যোগত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ডা৹ টি. আও গ্ৰাম‍্য ক্ৰীড়াংগণত চেম্পিয়নশ্বিপ আৰম্ভ । প্ৰতিযোগিতাৰ শুভাৰম্ভণী ডা৹ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত ।

কলিয়াবৰত আৰম্ভ তৃতীয় প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ
কলিয়াবৰত আৰম্ভ তৃতীয় প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ

By

Published : Jan 23, 2021, 2:01 PM IST

কলিয়াবৰ, ২৩ জানুৱাৰী: কলিয়াবৰ ক্ৰিকেট এছ'চিয়েচনৰ উদ‍্যোগত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ডা৹ টি. আও গ্ৰাম‍্য ক্ৰীড়াংগনত শনিবাৰৰ পৰা দহটা ক্লাৱৰ মাজত তৃতীয় প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ আৰম্ভ হয় । প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে । শনিবাৰে পুৱা কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে কাৰ্য‍কৰী সভাপতি আলিমুদ্দিন আহমেদ আৰু কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতি মণিমাধৱ মহন্তই । লগতে প্ৰতিযোগিতাত ভাগ লোৱা দহটা দলৰ পতাকা উত্তোলন কৰে দলৰ প্ৰতিনিধিয়ে ।

কলিয়াবৰত আৰম্ভ তৃতীয় প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ

শনিবাৰৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ জিলা সন্থাৰ উপ-সভাপতি ৰবীন ভূঞা, সম্পাদক কুসুম ডেকা, কোষাধ‍্যক্ষ অৰবিন্দ গোঁহাই, ক্ৰিকেট সন্থাৰ সম্পাদক কৃষ্ণ বাহাদুৰ তথা সন্থাৰ অনান‍্য বিষয়ববীয়া । শনিবাৰৰ উদ্ধোধনী খেলত ভাগ লৈছে যোৱা বৰ্ষৰ চেম্পিয়ন দল আৰোহণ গোষ্ঠী আৰু মৰ্ণিং ষ্টাৰ ক্লাৱে।

উল্লেখযোগ্য যে, অসমত ক্ৰিকেট সন্থাই যোৱা ২০১৮ চনৰ পৰাই অসমৰ গাঁৱে-ভূঞে সুপ্ত ক্ৰিকেট প্ৰতিভাৰ বিকাশৰ বাবে জিলা ভিত্তিত ক্ৰিকেট প্ৰতিযোগিত আয়োজন কৰি আহিছে । জিলা ভিত্তিত আয়োজন হোৱা প্ৰথম পৰ্য‍ায়ৰ প্ৰতিযোগিতাৰ পৰা শ্ৰেষ্ঠ দলটোৱে এক লাখ টকা লাভ কৰাৰ লগতে দ্বিতীয় পৰ্য‍ায়ৰ জিলা পৰ্য‍ায়ত ভাগ লোৱাৰ সুবিধা লাভ কৰিব । জিলা পৰ্য‍ায়ৰ চেম্পিয়ন দলটোয়ে ৰাজ‍্যৰ চাৰিটা মণ্ডল পৰ্য‍ায়ৰ প্ৰতিযোগিতাত চেম্পিয়ন হ'লেই মূল পৰ্য‍্যায়ত খেলাৰ সুবিধাৰ লগতে পোন্ধৰ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিব পাৰিব ।

লগতে পঢ়ক:একেই ফৰ্মূলা প্ৰয়োগ : বিহাৰত ওৱেছি ; অসমত ৭০ আসনত উলেমা কাউঞ্চিল

For All Latest Updates

ABOUT THE AUTHOR

...view details