নগাঁও, 30 জুন : ৰাজ্যত বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ তথা চৰ্চিত বিষয়টো হৈছে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ ৷ এই চৰ্চা অব্যাহত থকাৰ সময়তেই বুধবাৰে দুৰ্নীতি নিবাৰক সংস্থাই অধিক হাৰত সুদ গ্ৰহণকাৰীৰ বিৰুদ্ধে এখন সংবাদমেল আয়োজন কৰে ৷ ইয়াৰ উপৰিও বিভিন্ন অঞ্চলত বহু ব্যৱসায়ীয়ে শতকৰা 10 ৰ পৰা 15 টকা সুদৰ হাৰত ধন ধাৰলৈ দি একাংশ সৰ্বসাধাৰণ জনতাক শোষণ কৰি আহিছে ।
উল্লেখ্য যে, বিপদৰ সময়ত টকা ধাৰলৈ লোৱা বহু লোক সুদৰ টকা ব্যৱসায়ীক দি সৰ্বস্বান্ত হৈ পৰিছে । কোনো আইনী ব্যৱস্থাৰ মাজত নাথাকি এনেধৰণে ব্যৱসায় চলাই যোৱা তথা উচ্চ হাৰত সুদ লোৱা ব্যৱসায়ী সকলৰ বিৰুদ্ধে এই সংবাদমেল আয়োজন কৰে ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে দুৰ্নীতি নিবাৰক সংস্থাৰ বিষয়বৱীয়া সকলে । ধিং প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই সংবাদ মেলত দুয়োটা সংস্থাৰ তৰফৰ পৰা চৰকাৰক এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।