অসম

assam

ETV Bharat / state

Union Minister Kiren Rijiju:উত্তৰ পূৰ্বাঞ্চলক কংগ্ৰেছে গুৰুত্ব দিয়া নাছিল:কিৰেণ ৰিজিজু

নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সংবাদ মেল । সংবাদ মেলত মোদী চৰকাৰৰ ৯ বছৰীয়া কাৰ্যকালৰ সফলতাৰ বৰ্ণনা কিৰেণ ৰিজিজুৰ (Press Meet on 9th anniversary of Modi govt)। ইপিনে, তেওঁ মণিপুৰৰ সংঘাত দুৰ্ভাগ্যজনক বুলি মন্তব্য় কৰি সীমান্তত থকা সকলোকে মিলাপ্ৰীতিৰে থাকিবলৈ আহ্বান ।

By

Published : Jun 7, 2023, 5:59 PM IST

Press Meet on 9th anniversary of Modi govt
নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সংবাদ মেল

নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সংবাদ মেল

নগাঁও, ৭ জুন :আগন্তক লোকসভা নিৰ্বাচনত অসমৰ আসন দখল কৰিবলৈ তৎপৰ হৈছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ। লোকসভা নিৰ্বাচনলৈ এবছৰ থকা সময়তেই অসমৰ লোকসভাৰ আসনলৈ চকু পৰিছে কেন্দ্ৰৰ । বিশেষকৈ কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ আৰু নগাঁও লোকসভা সমষ্টিত সঘনাই উপস্থিত হৈছে মন্ত্ৰী কিৰেণ ৰিজিজু । বুধবাৰে বিজেপিৰ জন সম্পৰ্কৰ উদ্দেশ্যে মন্ত্ৰী নন্দিতা গাৰ্লোচাক লগত লৈ নগাঁও আৱৰ্ত ভৱনত সংবাদ মেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে (Press Meet of Union Minister Kiren Rijiju)।

সংবাদ মেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ৯ বছৰীয়া কাৰ্যকালৰ সফলতাৰ বিষয়ে উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়,"৯ বছৰ পূৰ্বে আমি বিৰোধী আসনত আছিলো ।" তেতিয়া সংসদত উত্তৰ পূৰ্বাঞ্চলৰ বাবে কথা কৈ কোনো গুৰুত্ব নোপোৱাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিচতেই উত্তৰ পূৰ্বাঞ্চল পৰিদৰ্শন কৰিবলৈ কমিটী গঠন কৰিছিল । উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত গঠন কৰা কমিটীয়ে বহুকেইবাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰা বুলি দাবী কৰে কিৰেণ ৰিজিজুয়ে ।

আনকি প্ৰধানমন্ত্ৰী হোৱাৰ পিচত নৰেন্দ্ৰ মোদীয়ে নিজেই কেইবাবাৰো উত্তৰপূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ কথাও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । উত্তৰ পূৰ্বাঞ্চলৰ বাবে কংগ্ৰেছে কোনো পৰিকল্পনা হাতত লোৱা নাছিল বুলিও উল্লেখ কৰি অসমক উত্তৰ পূৰ্বাঞ্চলৰ হৃদপিণ্ড বুলিও মন্তব্য কৰে কিৰেণ ৰিজিজুৱে । বিজেপি চৰকাৰৰ কাৰ্যকালতে উত্তৰ পূৰ্বাঞ্চল এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ইপিনে,বতৰৰ প্ৰতিটো মুহুৰ্তৰ খবৰ লাভ কৰাৰ বাবে নতুন প্ৰযুক্তিৰে কেন্দ্ৰই স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰি ফাষ্টেছ ছুপাৰ কম্পিউটাৰৰ ব্যৱস্থা কৰা হ'ব বুলিও সংবাদ মেলত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Kiren Rijiju comment on Assam Arunachal border)। আনকি মণিপুৰত হোৱা সংঘাত আৰু পৰিবেশ দিৱসৰ দিনা অৰুণাচলীয়ে চলোৱা গুলীচালনাও অনাকাংক্ষিত বুলি উল্লেখ কৰি মণিপুৰৰ ঘটনা কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে নিজে পৰ্যবেক্ষণ কৰা বুলি তেওঁ মন্তব্য কৰে (Kiren Rijiju comment on Manipur incident) । লগতে সীমান্তত থকা সকলোকে মিলাপ্ৰীতিৰে থাকিবলৈও আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । সংবাদ মেলত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ ।

লগতে পঢ়ক:Rama Kanta Dewri: ৰাইজৰ সমস্যা হৃদয়ংগম কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰমাকান্ত দেউৰীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details