অসম

assam

ETV Bharat / state

মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিক লৈ বহিঃৰাজ্যৰ পৰিৱেশ কৰ্মীৰ সংবাদ মেল

বৃহস্পতিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰান্টত কৃষক সকলে চলাই থকা অবিৰত প্ৰতিবাদত অংশগ্ৰহণ কৰা পাছতে বহি: ৰাজ্যৰ পৰিবেশ কৰ্মী কেইজনে চামগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মিকিৰ বামুনী গ্ৰান্টৰ কৃষকৰ ভূমিৰ বিষয়ে জানিব বিচাৰে যদিও বিষয়াজনে ন্যায়ালয়ৰ গাত ভেজা দি বিষয়টোৰ পৰা এৰাই চলা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিৱেশ কৰ্মী প্ৰফুল্ল চামান্তাৰাই ।

মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিক লৈ বহিঃৰাজ্যৰ পৰিৱেশ কৰ্মীৰ সংবাদ মেল
মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিক লৈ বহিঃৰাজ্যৰ পৰিৱেশ কৰ্মীৰ সংবাদ মেল

By

Published : Jan 29, 2021, 8:49 AM IST

Updated : Jan 29, 2021, 11:20 AM IST

নগাঁও,29 জানুৱাৰীঃঅসমৰ ভূমি সমস্যাৰ লগতে মিকিৰ বামুণী গ্ৰান্টৰ কৃষকৰ ভূমি বিবাদ সম্পৰ্কত তথা পৰিৱেশ সজাগতা আৰু জীৱন জীৱিকাৰ প্ৰতি আহিব লগা ভয়াৱহতাৰ ওপৰত বহি:ৰাজ্যৰ চাৰি পৰিৱেশ কৰ্মীয়ে নগাঁও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে । বৃহস্পতিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰান্টত কৃষক সকলে চলাই থকা অবিৰত প্ৰতিবাদত অংশগ্ৰহণ কৰা পাছতে বহি: ৰাজ্যৰ পৰিৱেশকৰ্মী কেইজনে চামগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মিকিৰ বামুনী গ্ৰান্টৰ কৃষকৰ ভূমিৰ বিষয়ে জানিব বিচাৰে যদিও বিষয়া জনে ন্যায়ালয়ৰ গাত ভেজা দি বিষয়টোৰ পৰা এৰাই চলা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিৱেশ কৰ্মী প্ৰফুল্ল চামান্তাৰাই । লগতে বৰ্তমান বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা অসমৰ দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তই বামুণী গ্ৰান্টৰ কৃষকৰ বিষয়টোৰহৈ এষাৰো মাত নমতা বুলি কৈ তেওঁৰ স্থিতি সম্পৰ্কে সমালোচনা কৰে বহি:ৰাজ্যৰ পৰিৱেশ কৰ্মী সকলে ।

মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিক লৈ বহিঃৰাজ্যৰ পৰিৱেশ কৰ্মীৰ সংবাদ মেল

উল্লেখযোগ্য যে,চৰকাৰে ভূমি আইনৰ বিৰুদ্ধে গৈ কাম কৰিছে। বামুণী গ্ৰান্টৰ মহিলাক নিশা আৰক্ষীয়ে কৰা বৰবৰ অত্যাচাৰৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা হ'ব বুলি এনভাইৰমেন্টল চাপৰ্ট গ্ৰুপৰ অন্যতম সদস্য ভাৰ্গৱী এছ ৰাওয়ে সাংবাদমেলত মন্তব্য কৰে। বৃহস্পতিবাৰে বিয়লি নগাঁও চহৰৰ নতুন বজাৰস্থিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল খনত পৰিৱেশ কৰ্মী প্ৰফুল্ল চামান্তাৰা,দিল্লী চ'লিডাৰিটি গ্ৰুপৰ সদস্য অমিত কুমাৰ,বেংগালুৰু নিবাসী এনভাইৰমেন্টল চাপৰ্ট গ্ৰুপৰ সমন্বয়ক লিঅ' ছাল্ডানহ আৰু সংস্থাটোৰ অন্যতম সদস্য ভাৰ্গৱী এছ ৰাও আৰু গুৱাহাটী আই আই টিৰ প্ৰফেছৰ বসুন্ধৰা জয়ৰথ উপস্থিত থাকে ।

মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষিভূমিক লৈ বহিঃৰাজ্যৰ পৰিৱেশ কৰ্মীৰ সংবাদ মেল

লগতে পঢ়কঃ তিনিচুকীয়াত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ পদক্ষেপ

Last Updated : Jan 29, 2021, 11:20 AM IST

ABOUT THE AUTHOR

...view details