নগাঁও, 7 আগষ্ট:গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক লৈ অপপ্ৰচাৰৰ অভিযোগ ৷ ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সন্মুখত, বন্তি প্ৰজ্বলন কৰাৰ লগতে ভকত বৈষ্ণৱ সকলে নাম কীৰ্তন কৰিছিল ৷ এই কাৰ্যসূচীক লৈ একাংশই ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৷ যাৰ লগত সংগতি ৰাখি শুকুৰবাৰে সেই বাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত প্ৰচাৰিত বাতৰিৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে থান পৰিচালনা সমিতিয়ে ৷
বটদ্ৰৱা থানক লৈ ভুৱা প্ৰচাৰৰ অভিযোগ থান পৰিচালনা সমিতিৰ - batadrava thaan committe
৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সন্মুখত, বন্তি প্ৰজ্বলন কৰাৰ লগতে ভকত বৈষ্ণৱ সকলে নাম কীৰ্তন কৰিছিল ৷ এই কাৰ্যসূচীক লৈ একাংশই ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৷
সংবাদমেলযোগে ৰাম অবিহনে কৃষ্ণ সংস্কৃতি কেতিয়াও আগুৱাই যাব নোৱাৰে বুলি মন্তব্য কৰে, থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে ৷ একাংশ সংবাদ মাধ্যমযোগে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ শিলান্যাসৰ দিনটোত বটদ্ৰৱা থানৰ ভকত সকলে বিজয় উল্লাস কৰাৰ লগতে, থানত ৰামৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সত্ৰাধিকাৰ সকলে তাত বন্তি প্ৰজ্বলন কৰি গেৰুৱা দলৰ ব্যৱস্থাৰ মাজেৰে সোমাই পৰিছে বুলি প্ৰচাৰ কৰা হৈছে ৷ এই অভিযোগ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ ৷ এনে অপপ্ৰচাৰত থান পৰিলচালনা সমিতিয়ে দুখ প্ৰকাশ কৰিছে বুলি মন্তব্য কৰে সত্ৰাধিকাৰ গৰাকীয়ে ৷ ধৰ্মীয় অসহিষ্ণুতাৰ প্ৰক্ৰিয়াটোৰ অৱসান ঘটি অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাস হ'ল ৷ এই কথা মনত ৰাখিহে তেওঁলোকে সেই দিনটোত নাম কীৰ্তন কৰিছিল বুলি জানিবলৈ দিয়ে ৷ তেওঁলোকে ভগৱান ৰামক কেতিয়াও কোনো ৰাজনৈতিক দলৰ সৈতে বিক্ৰী কৰা নাই, বৰঞ্চ ৰামচন্দ্ৰক ভগৱন্তৰ সৈতে একত্ৰ কৰি ৰাখি মুখেৰে বোলা ৰাম হৃদয়ে ধৰা ৰূপ হিচাপেহে গণ্য কৰিছিল ৷ গুৰুজনাৰ সৃষ্ট সত্ৰ-নামঘৰ সমূহত এতিয়াও ৰামৰ গুণানুকীৰ্তন চলি আছে শ্ৰীকৃষ্ণৰ সৈতে একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি হিচাপেই ৷ লগতে বৰদোৱাৰ সত্ৰত কেতিয়াও মূৰ্তি প্ৰতিষ্ঠা কৰি সেই মূৰ্তিৰ গুণানুকীৰ্তন নহয় নহয় স্পষ্ট কৰি দিয়ে সত্ৰাধিকাৰ গৰাকীয়ে ৷
লগতে পঢ়ক:ডিমা হাছাওত মালিকবিহীন এখন বিশেষ দোকান