কলিয়াবৰ, 25 অক্টোবৰ :দুৰ্গোৎসৱৰ পাচত ক’ভিড আক্ৰান্তৰ হাৰ আংশিক বৃদ্ধি পোৱাত ৰাজ্যত পুনৰ লক ডাউন হোৱাৰ সম্ভাৱনীয়তাৰ কথা চৰ্চা হৈছিল ৷ কিন্তুৰাজ্যত নহয় পুনৰ লকডাউন ৷ অৱশ্যে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ ভেকচিন লোৱা আৰু মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ শেহতীয়া অসমৰ ক'ভিড পৰিস্থিতিক লৈ সোমবাৰে কলিয়াবৰত সংবাদমেল সম্বোধন কৰে কেশৱ মহন্তই ৷
ভেকচিন অবিহনে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা বাতিলৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ অহা নৱেম্বৰ মাহৰ পৰা এই নীতি বলৱৎ কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে ৷ ৰাজ্যৰ যোৱা ছটা সপ্তাহৰ ক'ভিড সংক্ৰমণৰ তথ্য এনেধৰণৰ ১৮–২৪ অক্টোবৰ ০.৭৫%, ১১-১৭ অক্টোবৰ .৭৯%, ৪-১০ অক্টোবৰ -.৮%, ২৭ চেপ্টেম্বৰ–৩ অক্টোবৰ .৬৯%, ২০-২৬ চেপ্টেম্বৰ .৬৬%, ১৩-১৯চেপ্তেম্বৰ .৭০% ৷ এই তথ্য অনুসৰি ৰাজ্যত পুনৰ লকডাউন অথবা বিদ্যালয় বন্ধৰ সম্ভাৱনা নাই বুলি কয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
লগতে পঢ়ক:ভাৰতত নিতৌ হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে ক'ভিড-১৯ ত