অসম

assam

By

Published : Apr 29, 2021, 8:14 PM IST

ETV Bharat / state

কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচী

কলিয়াবৰ প্ৰেছ ক্লাৱে হাতত লৈছে এক বিশেষ পদক্ষেপ । মাস্ক পৰিধান নকৰা ব্যক্তিসকলক মাস্ক বিতৰণ কৰাৰ লগতে স্বাস্থ্যবিধি পালনৰ বাবে আহ্বান জনাইছে প্ৰেছ ক্লাৱে ।

KALIABAR PRESS CLUB MASK DISTRIBUTION
কলিয়াবৰ প্ৰেছ ক্লাৱৰ সজাগতামূলক কাৰ্যসূচী

কলিয়াবৰ,২৯ এপ্ৰিল :ৰাজ্যজুৰি কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে প্ৰশাসন তথা চৰকাৰে ক'ভিড স্বাস্থ্যবিধি পালনৰ বাবে ৰাইজক বিভিন্ন ধৰণে আহ্বান জনাইছে । আনকি কোনো স্থানত ক'ভিডৰ নীতি-নিয়ম পালন নকৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাও দেখা গৈছে । কিন্তু তাৰ পিছতো একাংশ লোক সজাগ হোৱা নাই । প্ৰশাসনৰ নিৰ্দেশনাৰ পাচতো বহু লোকে মাস্ক নিপিন্ধাকৈয়ে ঘুৰি ফুৰা দেখিবলৈ পোৱা গৈছে ।

সেয়ে এইবাৰ কলিয়াবৰ প্ৰেছ ক্লাৱে লৈছে এক বিশেষ পদক্ষেপ । মাস্ক পৰিধান নকৰা ব্যক্তিসকলক মাস্ক বিতৰণ কৰাৰ লগতে স্বাস্থ্যবিধি পালনৰ বাবে আহ্বান জনাইছে প্ৰেছ ক্লাৱে । বৃহস্পতিবাৰে কলিয়াবৰৰ ভিন্ন স্থানত মাস্ক নিপিন্ধা ব্যক্তিসকলৰ মাজত মাস্ক বিতৰণ কৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সদস্যসকলে ।

লগতে পঢ়ক:ডিব্ৰুগড় আৰক্ষী চাউনিত আলফা নেতা জীৱন মৰাণ

ABOUT THE AUTHOR

...view details