অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল আলীৰ দেহাৱসান - Presidents medal winning police officer Assam

ৰাষ্ট্ৰপতিৰ পদকপ্ৰাপ্ত নগাঁৱৰ সুদক্ষ আৰক্ষী বিষয়া বাবুল আলীৰ দেহাৱসান ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা আৰক্ষী বিষয়াগৰাকীৰ বুধবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় (Police officer Babul Ali passes away)৷

Police officer Babul Ali passes away
ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল আলীৰ দেহাৱসান

By

Published : Mar 30, 2022, 9:23 PM IST

নগাঁও, 30 মাৰ্চ: ৰাষ্ট্ৰপতিৰ পদকপ্ৰাপ্ত নগাঁৱৰ সুদক্ষ আৰক্ষী আৰক্ষী বিষয়া বাবুল আলীৰ বুধবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে (Police officer Babul Ali passes away)। পুৱা ১০:৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় আৰক্ষী বিষয়া বাবুল আলীৰ । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰক্ষী বিষয়াগৰাকী । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ ।

উল্লেখ্য যে, ১৯৯৭ চনত নগাঁও জিলাত আলফা উগ্ৰপন্থীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ সময়ত বৰ্ষটোৰ সাত ডিচেম্বৰত তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পলাশণিত আলফাৰ দ্বাৰা এক ভয়ংকৰ আক্ৰমণৰ বলি হৈছিল । সেইদিনা আলফাৰ আক্ৰমণত আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ গুৰুতৰভাৱে আহত হৈছিল । সেই সময়ত আৰক্ষী অধীক্ষকজনৰ গাড়ী চালক আছিল বাবুল আলী । সেইদিনা গাড়ী চালক বাবুল আলীয়ে যথেষ্ট বীৰত্ব প্ৰদৰ্শন কৰিছিল ।

তেওঁ আৰক্ষী অধীক্ষক কুমাৰক অতি দক্ষতাৰে সুৰক্ষিতভাৱে নিকটতম চিকিৎসালয়লৈ লৈ গৈছিল আৰু তেওঁৰ জীৱন ৰক্ষা কৰিছিল । এই প্ৰক্ৰিয়াটোত বাবুল আলীৰ ভৰিতো গুলী লাগিছিল ; কিন্তু ৰক্তক্ষৰণ হৈ থকা ভৰিৰেই তেওঁ আৰক্ষী অধীক্ষকৰ গাড়ীখন সুৰক্ষিতভাৱে চিকিৎসালয়লৈ লৈ গৈছিল আৰু তেতিয়াৰ আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰৰ জীৱন ৰক্ষা কৰিছিল । পৰৱৰ্তী সময়ত এই বীৰত্বৰ বাবে তেওঁক ১৯৯৮ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পিপিএমজিৰে পুৰস্কৃত কৰিছিল ।

বুধবাৰে অসম আৰক্ষীৰ হৈ নগাঁও আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সংৰক্ষিত চাউনিত প্ৰক্ৰিয়া অনুসৰি ছালামীৰ সৈতে বিদেহ আত্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই অনুষ্ঠানত কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত আছিল । বিয়লি তেওঁৰ জন্মস্থান কলিয়াবৰত বহু গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয় ।

লগতে পঢ়ক:নাগালেণ্ডৰ কয়লাখনিত গেছ নিৰ্গমণ হৈ অগ্নিদগ্ধ 7 জনকৈ শ্ৰমিক

ABOUT THE AUTHOR

...view details