অসম

assam

ETV Bharat / state

নগাঁৱৰ মুক্তিযোদ্ধালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান

নগাঁৱৰ মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান । ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰেৰণ কৰা সন্মান প্ৰদান কৰে জিলা প্ৰশাসনে । দেওবাৰে সন্দিয়া নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া সমৰ কলিতাৰ উপস্থিতিত প্ৰদান কৰা হয় এই সন্মান ৷

By

Published : Aug 10, 2020, 11:56 AM IST

নগাঁও
নগাঁৱৰ মুক্তিযুোদ্ধালৈ ৰাষ্ট্ৰপতিৰ সন্মান

নগাঁও, 10 আগষ্টঃদেশৰ ৰাষ্ট্ৰপতি ভৱনে মনত পেলালে নগাঁও জিলাৰ পুৰণিগুদামৰ মুক্তিযুদ্ধা নৰেন্দ্ৰ নাথ দাধৰাক । পুৰণিগুদাম চলচলি বিৰহী গাঁৱৰ প্ৰায় ৯৭ বছৰীয়া প্ৰবীণ মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰা । আগন্তুক স্বাধীনতা দিৱস উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনৰ পৰা নৰেন্দ্ৰ নাথ দাধৰা দেৱলৈ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান । চলচলি বিৰহী গাঁৱৰ নিজা বাসভৱনলৈ পঠিওৱা মুক্তিযোদ্ধাৰ বিশেষ সন্মানৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও তেখেতলৈ দেওবাৰে প্ৰেৰণ কৰা সন্মান লাভ কৰি চৰম আত্মসন্তুষ্টি প্ৰকাশ কৰিলে মুক্তিযোদ্ধা গৰাকীয়ে ।

নগাঁৱৰ মুক্তিযোদ্ধালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান

ৰাষ্ট্ৰপতি ভৱনৰ পৰা এখনি অংগবস্ত্ৰ আৰু এখন আভূষণৰ লগতে অসম চৰকাৰৰ ফালৰ পৰা একো একোখন গামোচা,চেলেং আদি প্ৰদান কৰে মুক্তিযোদ্ধা গৰাকীক । নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া সমৰ কলিতাৰ উপস্থিতিত এই দুয়োটা সন্মান প্ৰদান কৰাৰ পিছতেই সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত মুক্তিযোদ্ধ গৰাকীয়ে বৰ্তমানে শাসনাধিষ্ঠ চৰকাৰ খনৰ এই বিষয় সন্দৰ্ভত চৰম অসন্তুষ্টিও প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, নৰেন্দ্ৰ নাথ দাধৰাই ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ওতঃপ্ৰোতভাবে জড়িত হৈ ১৯৪৩ চনৰ পৰা ১৯৪৫ চনলৈ আঢ়ৈ বছৰ কাৰাবাস খাটিব লগা হৈছিল। ইফালে ১৯৭২ চনত ভাৰত চৰকাৰৰ পৰা আৰু ১৯৯৭ চনত অসম চৰকাৰৰ ফালৰ পৰা মুক্তিযুদ্ধাৰ তাম্ৰ পত্ৰ লাভ কৰিছিল নৰেন্দ্ৰ নাথ দাধৰায়ে ।

এইবাৰো দেশৰ ৰাষ্ট্ৰপতি ফালৰ পৰা লাভ কৰা এই সন্মানে প্ৰবীণ মুক্তিযুদ্ধা গৰাকীক উৎফুল্লিত কৰায়ে নহয় বৃহত্তৰ পুৰণিগুদামৰ লগতে সমগ্ৰ নগাঁও জিলালৈ কঢ়িয়াই আনিছে গৌৰৱ ।

লগতে পঢ়কঃ যোৰহাটত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড,দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details